বিশ্বকাপ জয়ৰ মেচতে ‘বিদায় ঘোষণা’; টী-২০ৰ পৰা অৱসৰ বিৰাট-ৰোহিতৰ

সমগ্ৰ ভাৰতবৰ্ষই এই দিনটো চাবলৈ অপেক্ষা কৰি আছিল। বাকী দলৰ কথাতো বাদেই, ৰোহিত-বিৰাটৰ হাতত বিশ্বকাপ। দুয়োৰে হাততে এটাকৈ ট্ৰফী দেখিছে ক্ৰিকেট জগতে। কিন্তু বিদায় পৰত ৰজাৰ দৰে প্ৰস্থান নকৰিবনে দুই মহাৰথীয়ে? সেই সপোন অৱশেষত বাস্তৱত পৰিণত হ’ল। বিশ্বকাপ জয়ী হোৱাৰ পিছতে টী-২০ৰ পৰা বিদায় ঘোষণা কৰিলে বিৰাট-ৰোহিতে। দুয়োজনে কোনোদিনে আৰু দেশৰ হৈ টী-২০ মেচত নানামিব। মাথোঁ থাকি যাব অযুত স্মৃতি, অলেখ সপোনৰ মুহূৰ্ত। জয়ৰ আনন্দৰ মাজতো বাজি উঠিল বিদায়ৰ গান।

ভাৰতীয় ক্ৰিকেটত কিংবদন্তিৰ অভাৱ নাই। যুগ যুগ পাৰ হৈ গ’ল। নায়কৰ আসন কেতিয়াও খালী হোৱা নাই। সমগ্ৰ দেশে মন্থন কৰিছে বীৰগাথা। আকৌ সময়ৰ সোঁতৰ লগে লগে তেওঁলোকৰ নামৰ আগত ‘প্ৰাক্তন’ উপাধিটো সংযোজিত হৈছে। তেনেকৈয়ে ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলে পুনৰ এটা যুগৰ সন্ধিক্ষণত থিয় দিছে।

সকলোৰে হয়তো শচীনৰ অৱসৰৰ মুহূৰ্তটো মনত আছে। সেইদিনা ৱানখেড়ে ষ্টেডিয়ামত সকলোৰে চকুলো ওলাই আহিছিল, গোটেই দেশেই কান্দিছিল। নাই, ৰোহিত শৰ্মা আৰু বিৰাট কোহলী সেই স্থানত থিয় হৈ থকা নাই। দীৰ্ঘদিন ধৰি তেওঁলোকে ক্ৰিকেট জগতখনক মুগ্ধ কৰি ৰাখিব। কিন্তু টী-২০ত তেওঁলোকক আৰু কেতিয়াও দেখা পোৱা নাযাব।

পৰৱৰ্তী মেগা টুৰ্ণামেণ্ট দেশৰ মাটিত। যদিও শ্ৰীলংকাও আয়োজক দেশ হিচাপে থাকিব। ২০২৬ চনত ৰোহিতৰ বয়স হ’ব ৩৯ বছৰ। আৰু বিৰাটৰ ৩৭। তেওঁলোকে ফৰ্ম, ফিটনেছত উত্তীৰ্ণ হৈও যে দেশৰ জাৰ্চি পিন্ধি পুনৰ টী-২০ বিশ্বকাপত নানামে সেয়া শনিবাৰেই স্পষ্ট হৈ পৰিল। প্ৰথমে বিদায় জনালে কিং কোহলীয়ে, সেই ক্ষণৰ কিছু সময়ৰ পিছতে হিটমেনেও টী-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ইয়াৰ বাবে সাজু নাছিল ক্ৰিকেট অনুৰাগী। টী-২০ বিশ্বকাপত ইটোৰ পিছত সিটো দুৰ্দান্ত ইনিংছ, মেচ বিজয়ৰ হুংকাৰ দেখা নাযাব। ২০২২ চনৰ বিশ্বকাপৰ স্মৃতিলৈ উভতি যাওক। ৩১/৪ হৈ হাৰিবলৈ লোৱা মেচখন বিৰাটে প্ৰায় এককভাৱে জয়ী কৰাইছিল। বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ বুলি কলেও ভুল নহয়। হেৰিছ ৰৌউফৰ বলত বেকফুটলৈ গৈ লং অফত ছয় মৰা মুহূৰ্তটো ফ্ৰেমটো বান্ধি ৰাখিব পৰা যায়।

তাৰ আগতে ২০১৬ চনটো আছিল টী-২০ত তেওঁৰ সপোনৰ বছৰ। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫১টা বলত ৮২ ৰান কৰি ভাৰতক জয়ী কৰে। ২০১৪ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪২ বলত ৭৪ ৰান সংগ্ৰহ কৰা ঐতিহাসিক ইনিংছটোও মনত পেলাব পাৰি। আৰু এইবাৰ তেওঁ সেইদৰে ফৰ্মত নাছিল। কিন্তু সঠিক সময়ত উজলি উঠিল। ফাইনেলত তেওঁ কৰিলে ৭৬ ৰান।

আৰু হিটমেন? অভিলেখৰ পাহাৰ সৃষ্টি কৰাটোৱেই তেওঁৰ নিয়মীয়া কাম। ২০০৭ চনৰ বিশ্বকাপত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪০টা বলত ৫০ ৰান সংগ্ৰহ কৰিছিল। সেইটোৱেই আৰম্ভণি। ইয়াৰ পিছত প্ৰতিটো বিশ্বকাপতে ইটোৰ পিছত সিটো অসাধাৰণ ইনিংছ উপহাৰ দিছে। ২০২১ চনত আফগানিস্তানৰ বিৰুদ্ধে ৪৭টা বলত ৭৪ ৰান সংগ্ৰহ কৰিছিল।

২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ দুৰ্দান্ত যুঁজ কোনে পাহৰিব পাৰে। ৪৬টা বলত ৭৯ ৰান সংগ্ৰহ কৰিও ৰোহিতে মেচখন জয়ী কৰাব নোৱাৰিলে। আৰু চলিত বিশ্বকাপত সকলো “প্ৰতিশোধ” পূৰণ হ’ল। সেই অষ্ট্ৰেলিয়াকে ছুপাৰ এইটত পৰাস্ত কৰিলে। ৪১টা বলত ৯২ ৰানৰ মহাকাব্যিক ইনিংছত তেওঁ নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিলে। সেয়া মাথোঁ বিশ্বকাপৰ পৰিসংখ্যা। সামগ্ৰিকভাৱে তেওঁৰ সফলতাৰ কাহিনীয়ে আকাশ চুব।

ইয়াৰ পূৰ্বে ২০০৭ চনত ৰোহিতে টী-২০ বিশ্বকাপ জয় কৰিছিল। ২০১১ চনৰ বিশ্ব শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰে বিৰাটে। কিন্তু দুয়োজনে কেতিয়াও একেলগে শ্ৰেষ্ঠতাৰ মুকুট পিন্ধা নাছিল। এইবাৰ সেইটোও ঘটিল। কিন্তু বিশ্ব জয়ৰ মাজতো সেই বিদায়ৰ কৰুণ সুৰ। বিৰাট আৰু ৰোহিতে দেশৰ হৈ টী-২০ নেখেলে। পৰৱর্তী বিশ্বকাপত দুয়োগৰাকী মহাতাৰকা নাথাকিব৷ নৱাগতৰ হাতত উঠিব নেতৃত্ব। ৰৈ স্তব্ধ নহয় ভাৰতৰ জয়ৰথ। কিন্তু ক্ৰিকেট অনুৰাগীৰ মনত থাকি যাব এলানি স্মৃতি। জয়-পৰাজয়ৰ সমীকৰণৰ অতিক্ৰমি ভাৰতীয় ক্ৰিকেটত দুয়োৰে বাবে যুগমীয়া আসন পাতি থোৱা আছে।