নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন; টেষ্ট ৰেংকিঙত কোহলীৰ বৃহৎ ক্ষতি

Virat Kohli

নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত অতি নিৰাশাজনক প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে আই চি চিৰ শেহতীয়া টেষ্ট ৰেংকিঙত নিজৰ দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে যদিও পইণ্টৰ ক্ষেত্ৰত বৃহৎ লোকচানৰ সন্মুখিন হৈছে কোহলী।

শেহতীয়া টেষ্ট ৰেংকিঙত ভাৰতে ১১৬ পইণ্টেৰে শীৰ্ষ স্থান, নিউজিলেণ্ডে ১১০ পইণ্টেৰে দ্বিতীয় স্থান আৰু অষ্ট্ৰেলিয়াই ১০৮ পইণ্টেৰে তৃতীয় স্থানত আছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত ভাৰতে ২-০ ব্যৱধানত পৰাভূত হয়।

মঙলবাৰে প্ৰকাশিত টেষ্ট ৰেংকিঙত কোহলীয়ে ৮৮৬ পইণ্টেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ৯১১ পইণ্টেৰে শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখে।

শীৰ্ষ দহৰ ভিতৰত থকা আন দুগৰাকী ভাৰতীয় বেটছমেন হ’ল চেতেশ্বৰ পূজাৰা আৰু আজিংক ৰাহানে।

আনহাতে, বলিঙৰ ক্ষেত্ৰত শীৰ্ষ দহৰ ভিতৰত থকা একমাত্ৰ ভাৰতীয় বলাৰ গৰাকী হ’ল জাচপ্ৰীত বুমৰাহ। বুমৰাহে ৭৭৯ পইণ্টেৰে চাৰিটা স্থান আগুৱাই সপ্তম স্থানত উপনীত হৈছে।