এখন ফটোত ৯ জন কোহলী! বিৰাট কোহলী এটা টুইটে খোৰাক যোগাইছে অনুৰাগীক

Virat Kohli

সামাজিক মাধ্যমৰ এখন ফটোৱে হাবাথুৰি খুৱাইছে অনুৰাগীক। শেহতীয়াকৈ বিৰাট কোহলীয়ে সামাজিক মাধ্যমত এখন ছবি পোষ্ট কৰিছে। এই ছবিখনক লৈ এতিয়া ক্ৰীড়ানুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে।

এই ছবিখনত কোহলীৰ বাহিৰেও আন ৯ জন ব্যক্তি আছে। ছবিখন পোষ্ট কৰি কোহলীয়ে লিখিছে যে এই ফটোখনৰ মাজৰ পৰা মিল নথকা ব্যক্তিগৰাকীক চিনাক্ত কৰক।’

উল্লেখ্য যে, ছবিখনত একে পোছাক পৰিধান কৰি সকলোৱে প’জ দিছে। তেওঁলোকৰ মাজত আছে এখন চাহৰ মেজ। বিভিন্ন কামত ব্যস্ত গোটেইকেইজন।

ছবিত আটাইকেইজন ব্যক্তিক দেখাত কোহলীৰ দৰে লাগিলেও প্ৰকৃত ইয়াৰ মাজতেই প্ৰকৃত কোহলীয়ো আছে।

 

মন কৰিবলগীয়া যে, ভাৰতীয় ক্ৰিকেটত প্ৰৱেশ কৰাৰ পাছৰে পৰা এক সুকীয়া পৰিচয়েৰে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে কোহলী। কেৱল খেলেৰে নহয়, শাৰীৰিক গঠনৰ জৰিয়তেও কোহলীয়ে নিজকে পৃথকৰূপত গঢ়ি তুলিছে।

চুটিকৈ কটা চুলি, গালত দাড়ি, হাতত টাটু, কোহলী যেন ভাৰতীয় দলৰ তাৰুণ্যৰ প্ৰতীক! এসময়ত ভাৰতীয় দলৰ প্ৰতিগৰাকী ক্ৰিকেটাৰে দাড়ি ৰাখিবলৈ লৈছিল।

কোহলীক দেখিয়েই সকলোৱে এই ষ্টাইল গ্ৰহণ কৰা বুলি সামাজিক মাধ্যমত চৰ্চা হৈছিল। অৱশ্যে, কোহলীৰ এই ষ্টাইল কেৱল ক্ৰিকেটাৰসকলৰ মাজতেই নহয়, দৰ্শকৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে।

বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত কোহলী হৈ পৰিছে অতিকৈ জনপ্ৰিয়। সামাজিক মাধ্যমৰ ভিন্ন ভাইৰেল ভিডিওত ভুৱা কোহলীক দেখিবলৈ পোৱা গৈছে।

বিভিন্নজনে কোহলীৰ ভাও ধৰি অভিনয় কৰাও দেখা পোৱা গৈছে। তেনে একাংশ অনুৰাগীৰ সৈতে কোহলীয়ে এইবাৰ ফটো উঠিছে।

প্ৰকৃত কোহলী কোন বিচাৰি উলিয়াবলৈ অনুৰাগীক আহ্বান জনাইছে কোহলীয়ে। আপুনি ফটোখনৰ পৰা কোহলীক বিচাৰি উলিয়াব পাৰিছেনে ?