‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

১৯৯২ চনৰ ভগ্নী অভয়া হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ভগ্নী চেফীৰ কুমাৰীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক বুলি দিল্লী উচ্চ ন্যায়ালয়ে ৰায় দিছে।

ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই কয় যে ন্যায়িক বা আৰক্ষীৰ জিম্মাত তদন্তৰ সময়ত থকা অভিযুক্তৰ কুমাৰীত্ব পৰীক্ষা কৰাটো ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘন কৰা অসাংবিধানিক।

তদন্তৰ সময়ত সংবিধানৰ ২১ অনুচ্ছেদক ৰক্ষা কৰা হোৱা নাই বুলি ন্যায়ালয়ে প্ৰকাশ কৰি অপৰাধমূলক গোচৰটো শেষ হোৱাৰ পিছত ভগ্নী চেফীক তেওঁৰ মানৱ অধিকাৰ উলংঘাৰ ক্ষতিপূৰণ বিচাৰিবলৈ স্বাধীনতা প্ৰদান কৰে।

দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু কেন্দ্ৰীয় চৰকাৰৰ টেৰিটৰিয়েল জুৰিচিডিকচনৰ আপত্তি নাকচ কৰি কয় যে এন এইচ আৰ চি আৰু অন্যান্য কৰ্তৃপক্ষ দিল্লীত আছে আৰু সেয়েহে এই অসাংবিধানিক কাৰ্য দিল্লীতে সম্পন্ন হৈছে।

২০০৯ চনত ভগ্নী চেফীয়ে কুমাৰীত্ব পৰীক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে। আবেদনকাৰীৰ হৈ অধিবক্তা ৰোমি চাকো ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে।

চি বি আই আদালতে ২০২০ চনত ভগ্নী অভয়াক হত্যা কৰাৰ দোষী সাব্যস্ত কৰি চেফীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

উল্লেখ্য, নিম্ন আদালতত অভিযুক্ত চেফীক কনিষ্টবল আৰু আন এজন ফাদাৰ কোট্টুৰৰ মাজত থকা গোপন সম্পৰ্ক লুকুৱাবলৈ ভগ্নী অভয়াক হত্যা কৰা হৈছে বুলি প্ৰমাণ কৰিবলৈ সতীত্ব পৰীক্ষা কৰা হৈছিল।

তেওঁলোকে নিম্ন আদালতৰ দোষী সাব্যস্তকৰণ আৰু শাস্তিক প্ৰত্যাহ্বান জনাই ২০২১ চনৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়ত আবেদন জনায়। ইফালে কেৰালা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ এই শাস্তি স্থগিত ৰাখিছে।

১৯৯২ চনৰ ২৭ মাৰ্চত কোট্টায়মৰ ছেইণ্ট পাইউছ এক্স কনভেণ্টৰ কুঁৱাৰ ভিতৰত ২০ বছৰীয়া ভগ্নী অভয়াক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। স্থানীয় আৰক্ষী আৰু কেৰালা আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে প্ৰথমে বিষয়টো আত্মহত্যাৰ গোচৰ হিচাপে বন্ধ কৰি দিয়ে। কিন্তু জনসাধাৰণৰ ব্যাপক আন্দোলনৰ বাবে গোচৰটো চিবিআইক গতাই দিয়া হয়।