NORTHEAST NOW (Assamese)

সুধাকন্ঠৰ সমাধিত অঘটন : বিদ্যুৎস্পষ্ট হৈ মৃত্যু দৰ্শনাৰ্থীৰ

April 27, 2023 12:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 27, 2023 12:46 pm

জালুকবাৰীস্থিত সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত যোৱা নিশা সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা।

খবৰ অনুসৰি বৃহস্পতিবাৰে সমাধিক্ষেত্ৰত হোৱা এই অঘটনৰ পিছতে দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে সমাধিটো।

লাভ কৰা তথ্য অনুসৰি সমাধিক্ষেত্ৰৰ ভিতৰত স্থাপন কৰা ফোয়াৰাৰ পানীৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকজনৰ মৃত্যু হয়।

কালি এই ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালসহ যুৱকজনে ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ গৈছিল।

মৃত যুৱকজন গুৱাহাটীৰ পাণ্ডু অঞ্চলৰ বিবিচি কলনীৰ নিবাসী শুভম ৰায় বুলি জানিব পৰা গৈছে। জানিব পৰা মতে তেওঁ ফোয়াৰাৰ পানীত হাত থৈছিল আৰু তাৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছিল।

ঘটনাৰ কিছু সময়ৰ পিছতে তেওঁক ততাতৈয়াকৈ ওচৰৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়লৈ লৈ যোৱা হয় আৰু তাৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে মালিগাঁৱৰ স্বাগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু বিদ্যুৎস্পষ্ট হোৱা যুৱকজনক মৃত্যুমুখৰ পৰা ৰক্ষা কৰিব চিকিৎসকে।

Related News