জি-২০: একেখন মঞ্চতে দেখা যাব পুটিন-জেলেনস্কিক!

আগন্তুক জি-২০ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক আমন্ত্ৰণ জনোৱা হৈছে। পুটিনে এই আমন্ত্ৰণ স্বীকাৰো কৰিছে। সেইদৰে এই সন্মিলনলৈ আমন্ত্ৰিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিও।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ বিশ্বৰ বিভিন্ন দেশৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে আক্ৰমণকাৰী ৰাছিয়া । যুদ্ধ বন্ধ কৰাৰ বাবে কেইবাবাৰো মুখামুখিকৈ আলোচনাত বহাৰ বাবে পুটিনক প্ৰস্তাৱো আগবঢ়াইছিল জেলেনস্কিয়ে। কিন্তু বিভিন্ন অজুহাতত তেনে আলোচনালৈ সঁহাৰি জনোৱা নাই পুটিনে।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ: ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ মহিলা সাংবাদিক

জি-২০ সন্মিলনৰ আয়োজক ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি জকো উইডদোই জানিবলৈ দিছে যে,’’আমি জি-২০ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি জেলেন স্কিক আম্ন্ত্ৰণ জনাইছো।‘’ আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে উইডদোৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত এই সন্মিলনত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে।

ৰাছিয়া জি-২০ৰ সদস্য হ’লেও ইউক্ৰেইন ইয়াৰ সদস্য নহয়। জেলেনস্কিয়ে তেওঁক এই সন্মিলন লৈ আমন্ত্ৰণ জনোৱাৰ বাবে টুইটযোগে ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাইছে।

এই একেখন মঞ্চতে দুই বৈৰী ৰাষ্ট্ৰপ্ৰধানক দেখা পোৱা যাব নে নাই সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই। তথাপি জি-২০ সন্মিলনত দুয়োগৰাকী নেতাৰ অংশগ্ৰহণে দেশ দুখনৰ সংঘাত নিৰসনৰ ক্ষেত্ৰত বহুখিনি সহায়ক হ’ব পাৰে আশা প্ৰকাশ কৰিছে বিভিন্ন মহলে।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

চলিত বছৰৰ ১৫ নৱেম্বৰত ইন্দোনেছিয়াত জি-২০ সন্মিলন অনুষ্ঠিত হ’ব। এই    জি-২০ৰ অন্তৰ্গত ২০খন সদস্য দেশ তথা সংস্থাৰ ভিতৰত আছে আর্জেন্টিনা, অষ্ট্ৰেলিয়া, ব্রাজিল, কানাডা, চীন, ইউৰোপীয় ইউনিয়ন, ফ্রান্স, জার্মানী, ভাৰত, ইন্দোনেছিয়া, ইটালি, জাপান, মেক্সিকো, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্রিকা, দক্ষিণ কোৰিয়া, তুৰস্ক, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট।