NORTHEAST NOW (Assamese)

৩৮ কোটি ছিম কাৰ্দ বন্ধ হ’ব! “যিকোনো সময়তে” ভাৰত এৰিব পাৰে ভ’ডাফ’নে

October 31, 2019 5:12 pm · এন ই নাও নিউজ
Updated: October 31, 2019 5:13 pm
ছবি সৌজন্য-- উইকিমিদিয়া কমনছ।

টেলিকম অপাৰে’টৰ ভ’ডাফ’নে বৃহৎ লোকচান ভৰাৰ ফলত ভাৰতৰ পৰা টালি-টোপোলা বান্ধিব খুজিছে, বাতৰিত প্ৰকাশ

বাতৰিমতে, “যিকোনো সময়তে” ভাৰত এৰিব পাৰে ভ’ডাফ’নে।

ভ’ডাফ’ন-আইদিয়াৰ অধীনত সমগ্ৰ দেশত প্ৰায় ৩৮ কোটি ইউজাৰ আছে।

ত্ৰাইৰ তথ্যমতে, আগষ্ট, ২০১৯ত অসমত আছে কোম্পানিটোৰ ৫৫লাখ ইউজাৰ (সঠিক 55,06,387)।

এই সন্দৰ্ভত ভ’ডাফ’ন-আইদিয়াৰ মন্তব্য জানিব খোজাত সংবাদ মাধ্যমক তেওঁলোকে ভ’ডাফ’ন গ্ৰুপৰ কমিউনিকে’চন হে’দ বেন পদৱানক যোগাযোগ কৰিবলৈ কৈছে।

কিন্তু, ১৪ বিলিয়ন এমেৰিকান ডলাৰ ঋণত ডুবি থকা কোম্পানিটোৱে দ্ৰুতগতিত গ্ৰাহক হেৰুওৱাৰ লগতে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশেও তেওঁলোকক বিপদত পেলাইছে।

লোকচানত চলি থকা কোম্পানিটোক শেহতীয়াকৈ আদালতে ৪ বিলিয়ন এমেৰিকান ডলাৰ পৰিশোধৰ নিৰ্দেশ দিছিল।

জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত কোম্পানিটোৱে দেশত প্ৰায় ৫০লাখ ইউজাৰ হেৰুৱাইছে। জুলাইত তেওঁলোকৰ ইউজাৰ আছিল 380020434গৰাকী, আৰু সেয়া গৈ আগষ্টত হৈছেগৈ 375063514গৰাকী।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/10/PR_No.101of2019.pdf” title=”trai data”]

যোৱা বছৰৰ ৩১ আগষ্টত ভ’ডাফ’ন ইন্দিয়া আৰু আইদিয়া চেলুলাৰ একত্ৰীকৰণৰ ফলত কোম্পানিটো ভাৰতৰ সৰ্ববৃহৎ টেলিকম অপাৰে’টৰত পৰিণত হৈছিল।

ভ’ডাফ’ন আইদিয়াত ভ’দাফ’ন গ্ৰুপৰ ৪৫.১% চেয়াৰ থকাৰ বিপৰীতে আইদিয়া চেলুলাৰৰ আছে ২৬% অংশ; বাকীখিনি ৰাজহুৱা চেয়াৰ।

Related News