৯০০ বছৰৰ পাছত এটা আগ্নেয়গিৰি উদ্গীৰণ, নিৰ্গত হৈছে ৰঙা ৰঙা লাভা, ক’ত?

আগ্নেয়গিৰি উদ্গীৰণ হৈ বৈ আহিছে ৰঙা ৰঙা লাভা।

উত্তৰমেৰুৰ সমীপৱৰ্তী দেশ ইউৰোপৰ আইচলেণ্ডৰ ৰাজধানী ৰেইকজাভিকৰ সমীপৱৰ্তী এটা আগ্নেয়গিৰি উদ্গীৰণ হয়।

প্ৰায় ৯০০ বছৰ পাছত আগ্নেয়গিৰিটো উদ্গীৰণ হৈছে।

অৱশ্যে কোনো লোক ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নাই।

দেশখনৰ দক্ষিণৰ সাগৰৰ পাৰৰ ফাগ্ৰাডালচফজল পৰ্বতৰ নামনি অঞ্চল গেলডিঙাডালুৰত এটা ফাঁট মেলি আগ্নেয়গিৰিটো উদ্গীৰণ হয়।

লগে লগে ৰঙা ৰঙা লাভাই ফাঁটটোৰ পৰা নিৰ্গত হৈ বৈ আহে।

শনিবাৰে বৰষুণৰ ফলত লাভা নিৰ্গত ঠামে, যাৰ ফলত অঞ্চলটো গেছ আৰু ডাৱৰৰ বাষ্পই ঢাকি ধৰে।

দেশখনৰ ৰাজধনীৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দূৰত এই আগ্নেয়গিৰি উদ্গীৰণ হৈছে।

শুকুৰবাৰে ৰাতি এই উদ্গীৰণ হয়।

উদ্গীৰণৰ ফলত ৰাতিৰ আকাশ ৰঙীন হৈ পৰে।

তদুপৰি ১০০তকৈও অধিক সৰু ৰিখটাৰ স্কেলৰ ভূমিকম্পও অঞ্চলটো কঁপাই যায়।

উল্লেখযোগ্য যে অঞ্চলটোত কোনো লোকে বসবাস নকৰে, যাৰ ফলত আগ্নেয়গিৰি উদ্গীৰণৰ ফলত কাৰো একো হানি-বিঘিনি নঘটিল।

কোৱা হৈছে যে উদ্গীৰিত ফাঁটটোৰ গভীৰতা প্ৰায় ৫০০ৰ পৰা ৭০০ মিটাৰ।

প্ৰায় ৪০০ মিটাৰ দূৰলৈকে লাভাসমূহ বৈ যায়।

বিজ্ঞানীসকলে অনুমান কৰিছে যে অহা কিছু দিনলৈকে আগ্নেয়গিৰিটো উদ্গীৰণ হৈ থাকিব।