সৱল নেতৃত্ব আৰু অসমৰ সভ্যতা ৰক্ষাৰ দাবীৰে ভোটদান কৰিবলৈ ৰাইজক আহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

সদৌ তিৱা ছাত্র সন্থাই মধ্য অসমত বসবাস কৰা তিৱা সকলৰ লগতে প্রতিৱেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ দাবীত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে দীৰ্ঘদিন ধৰি গণতান্ত্রিক সংগ্রামক নেতৃত্ব দি আহিছে। শাসকীয় চৰকাৰ সমূহক বিভিন্ন সময়ত গণতান্ত্রিক আন্দোলনৰ মাধ্যমেৰে দৃষ্টি আকর্ষণ কৰি নিজৰ স্থিতিত অটল থাকি সন্থাৰ দৃষ্টিভংগী প্রকাশ কৰি আহিছে, যাতে শাসকীয় পক্ষক হেঁচা প্ৰয়োগ কৰিব পৰা যায়। দেশৰ লোকসভাৰ সাধাৰণ নির্বাচন সমাগত। এই নির্বাচন কেইবাটাও পর্যায়ত অনুষ্ঠিত কৰিছে। অসমত অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচন তিনিটা পৰ্যায়তে মধ্য অসমৰ লোক সকলক স্পর্শ কৰিছে। এই অঞ্চলৰ জাতি, মাটি, ভেটি, সভ্যতা সংস্কৃতি ঐতিহ্য আৰু পৰম্পৰা অটুট ৰাখি সামূহিক ভাৱে তিৱা তথা খিলঞ্জীয়া জনগোষ্ঠী সমূহক নেতৃত্ব প্ৰদান কৰা জাতীয় মূল সামাজিক সংগঠন হিচাপে সংগঠনৰ ভাৱমূর্তি স্পষ্ট ৰূপত প্রকাশ কৰি আহিছে।

সেয়েহে, তিনিটা পর্যাযত অনুষ্ঠিত হ’বলগীয়া মধ্য অসমৰ তিৱা তথা খিলঞ্জীয়া লোকসকলৰ পৰিবৰ্তনশীল চিন্তা আৰু পৰিকল্পনা অটুট ৰাখি অমীমাংসিত মৌলিক সমস্যা সমাধানৰ দাবী সমুহক সংসদৰ মজিয়াত মধ্য অসমক সবলভাৱে প্ৰতিষ্ঠা কৰিব পৰা দক্ষ-যোগ্য অভিজ্ঞতা সম্পন্ন ব্যক্তিক বিচাৰ বিবেচনা কৰি বিবেক ভোট প্রদান কৰিবলৈ সন্মানীয় ভোটদাতা ৰাইজক আমি সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰচাৰ মাধ্যমৰ জৰিয়তে স্পষ্ট বিবৃতি প্রদান কৰিলোঁ। কাৰণ, তিৱা স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে সংবিধান প্রদত্ত অধিকাৰ বিচাৰি আমাৰ গণতান্ত্রিক সংগ্রাম অব্যাহত আছে।