দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ক’ত কিমান হ’ল ভোটদান? সামগ্ৰীক ভোটদানৰ হাৰ ৭৬.৫২

Assam_1_H@@IGHT_350_W@@IDTH_770

অসমৰ ৩৯ টা সমষ্টিৰ ১০,৫৯২ টা ভোট কেন্দ্ৰত আজি অনুষ্ঠিতি হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

নিশা ৮ বজালৈকে কেউটা সমষ্টিত হোৱা সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৭৬.৫২ শতাংশ।

প্ৰায় ৭৩ লাখ ভোটাৰে আজি ভোটাধিকাৰ সাৱস্ত্য কৰে।

বৈঠালাংচ’ত ৭৩.৩৭,ওদালগুৰিত ৭৫.৬০,নগাঁওত ৭৮.১০,বোকাজানত ৭৬.২৫,৮১.৫৩,জাগীৰোড ৭৮.৯০,যমুনামুখ ৬৩.৫৩কমলপুৰত ৭৩.১৫,মঙলদৈত ৭৮,মৰিগাঁওত ৮১.২৪,লামডিং ৬৯.৫২পানেৰী ৭৬.৫০,ৰহা ৭৮,ৰঙিয়া ৭৩.৬০, দলগাঁও ৮১.৭০বঢ়মপুৰ ৭৭,নলবাৰী ৮১.৫৩ শতাংশ ভোটদান হয়।কাছাৰৰ লক্ষীপুৰত সৰ্বনিম্ন ৭০.১২ শতাংশ ভোটদান হোৱাৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাটত সৰ্বাধিক ৮৭.২৯ শতাংশ ভোটদান হয়।

উল্লেখ্য ৰাজ্যৰ  ১৩ খন জিলাৰ ৩৯ টা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।আজি দিনৰ ২ বজালৈ হোৱা ভোটদানৰ শতাংশ হাৰ আছিল ৮৪.২৬ ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতি ঘটা পৰিলক্ষিত হয়।

ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম তিনি ঘণ্টাত ভোটদানৰ হাৰ আছিল ১৭.৮১ শতাংশ।

অৰ্থাৎ ১০ বজালৈকে ভোটদানৰ হাৰ ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰথম দুঘণ্টাত অৰ্থাৎ ৯ বজালৈ ভোটদানৰ হাৰ আছিল ১০.৫১ শতাংশ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ২৯ টা সমষ্টিৰ ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰে।

ফলত বহু কেইটা ভোটকেন্দ্ৰত ভোটগ্ৰহণত বিলম্ব ঘটে। প্ৰাপ্ত খবৰ অনুসৰি ইভিএমৰ বিসংগতিৰ বাবেই ১৪৬ নং নিত্যময়ী বালিকা বিদ্যালয়ত ভোটদান বন্ধ হৈ পৰিছিল।

একেদৰে ইভিএম বিকল হৈ পৰাৰ ফলত ২৬ নং নগাঁও আইন মহাবিদ্যালয়ত ভোটগ্ৰহণত পলম হয়।

ওদালগুৰিতো ইভিএমৰ বিসংগতিয়ে দেখা দিছে।গুমগাঁও প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত ইভিএমৰ বিসংগতি ধৰা পৰে।

১৩০ টা ভোটকেন্দ্ৰত ইভিএম সলনি কৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে।