বিতৰ্কিত বিধেয়ক হওক পঞ্চায়ত নিৰ্বাচনৰ প্ৰধান ইছ্যু : কু-যুক্তি খণ্ডন

Panchayat-570x320

প্ৰতিনিধিত্বমূলক ছবি

পঞ্চায়ত নিৰ্বাচন সমাগত। নাগৰিকত্ব আইন সংশোধনী বিধায়ক, ২০১৬ নিৰ্ণায়ক ইছ্যু হ’বনে? এই কথা ঠিক যে হাৰিলে বিধেয়কপন্থীৰ আত্মবিশ্বাস কমিব। জিকিলে নিৰ্বাচনৰ ফলাফলৰ পিছতে বিধেয়কপন্থীয়ে ক’ব যে ৰাইজে বিধেয়কৰ পক্ষতহে ভোট দিছে; বিধেয়ক-বিৰোধী আন্দোলনবোৰ কংগ্ৰেছ-কমিউনিষ্টৰ  কৃত্ৰিম নিৰ্মাণ আৰু প্ৰদৰ্শন। আশা কৰিব পাৰিনে যে নাগৰিকত্ব সংশোধনী বিধেয়ক, অসমীয়া জাতিৰ অস্তিত্ব আদি এই পঞ্চায়ত নিৰ্বাচনত প্ৰথমশাৰীৰ ইছ্যু হ’ব? আমাৰ ৰাইজে চাগৈ ব্যক্তিগত লাভালাভ, নিজ চুবুৰিৰ ৰাস্তা, সংঘত পুঁজিদান, নিজৰ সম্প্ৰদায়ৰ প্ৰাৰ্থী, কোন দলৰ দাদা-বাইদেউৰ লগত সম্পৰ্ক ভাল আদি ইছ্যুৰ ভিত্তিতহে নিৰ্বাচনী সিদ্ধান্ত ল’ব আৰু হাতৰ কুঠাৰ ভৰিত মাৰিব।

বিতৰ্কিত বিধেয়কখনৰ প্ৰসংগটো প্ৰধান নিৰ্বাচনী ইছ্যু হওক বুলি আশা কৰিয়েই হিন্দুত্ববাদী মহলে বিধেয়কখনৰ সপক্ষে অৰ্বুদ-নিৰ্বুদবাৰ পুনৰাবৃত্তি কৰি থকা কেতবোৰ মতান্ধতা-প্ৰেৰিত কু-যুক্তি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ক্ষণত আকৌ এবাৰ ফঁহিয়াই চাই খণ্ডন কৰিব খুজিছোঁ।

তেওঁলোকে কয় যে ভাৰত কেৱল হিন্দুৰ দেশ, সেয়ে কোনো হিন্দু ভাৰতত বিদেশী নহয়। এইটো ইতিহাস-আশ্ৰিত নহয়, বৰং উপাখ্যান-আশ্ৰিত দাবী। ইজৰাইলক বাদ দি কোনো আধুনিক ৰাষ্ট্ৰ এক বিশেষ ধৰ্মাৱলম্বী মানুহৰ এদনীয়া বাসভূমি নহয়। আমি আজি যাক ‘হিন্দু’ ধৰ্ম বোলোঁ, সেয়া দৰাচলতে আৰ্যসকলৰ ধৰ্ম। এই আৰ্যসকল আৰু তেওঁলোকৰ ভাষা-সংস্কৃতক লৈ নানা উপাখ্যান ন্যস্তস্বাৰ্থই প্ৰচাৰ কৰি থাকে। বহুতেই গাৰ জোৰত প্ৰচাৰ আৰু প্ৰতিষ্ঠা কৰিব খোজে যে সংস্কৃত ভাৰতৰ প্ৰাচীনতম ভাষা । বপুৰাহঁতে বুজি নাপায় যে সেইটো প্ৰতিষ্ঠা তেতিয়াহে হ’ব, যেতিয়া আৰ্য হিন্দুসকল ভাৰতৰ প্ৰাচীনতম বাসিন্দা বুলি আৰু সিন্ধু সভ্যতা আৰ্য সভ্যতা বুলি প্ৰমাণিত হ’ব। দুখৰ কথা এই বিষয়ক বিতৰ্ক আজিলৈকে ঐতিহাসিকভাৱে আৰু বৈজ্ঞানিকভাৱে নিষ্পত্তি হোৱা নাই। আৰ্যসকল সৃষ্টিপাতনিৰে পৰা ভাৰতৰ বাসিন্দা আছিল নে মধ্য প্ৰাচ্যৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰি আহিছিল, সেয়া আজিও তৰ্কাধীন। কিন্তু পৃথিৱীৰ বেছিভাগ বুৰঞ্জীবিদে আৰ্যসকল ভাৰতলৈ প্ৰব্ৰজন কৰি অহা বুলি  আৰু সিন্ধু সভ্যতা অনাৰ্য সভ্যতা বুলি মত পোষণ কৰে। আন্দাজ আৰু কল্পনাৰে সেই মত খণ্ডন কৰা নাযায়। এইক্ষেত্ৰত এই মতটোক মান্যতাপ্ৰাপ্ত মত বুলি ধৰা হয় আৰু আৰ্যসকল ভাৰতৰেই ভূমিপুত্ৰ তথা সিন্ধু সভ্যতাক আৰ্য সভ্যতা বুলি দাবী কৰা মতটোক বিকল্প মত বোলা হয়। প্ৰথম মতটোৰ পক্ষেই আজিও পাল্লা ভাৰী হৈ আছে। এই মতৰ সমৰ্থনত থকা দুটামান যুক্তি আটাইৰে চিন্তাৰ্থে আগবঢ়ালোঁ-

১) ঘোঁৰা অবিহনে আৰ্যসভ্যতাৰ কথা ভাবিবই নোৱাৰি। অথচ ভাৰতৰ হাবিবোৰত স্বাভাৱিকভাৱেই ঘোঁৰা পোৱা নাযায় অতীজৰে পৰা।

২) সিন্ধু সভ্যতাৰ খননত যিবোৰ মাটিৰ পুতলা ওলাইছে তাত নানা বাস্তৱ আৰু কল্পিত জন্তুৰ পুতলা দেখা যায়, কিন্তু ঘোঁৰাৰ পুতলা নাই। অৰ্থাৎ সেই সভ্যতাৰ মানুহে দৈনন্দিন জীৱনত ঘোঁৰা দেখি থকা নাছিল ।

৩) আৰ্যসকলে মৃতদেহ দাহন কৰে। কিন্তু সিন্ধু সভ্যতাৰ মানুহে যে মুছলিম বা খ্ৰীষ্টানৰ দৰে মৃতদেহ পুতিহে থৈছিল সেয়া খননত তৰ্কাতীভাৱে প্ৰমাণিত। দিল্লীৰ ৰাষ্ট্ৰীয় যাদুঘৰত থকা ৫০০০ বছৰীয়া নাৰী-কংকালটো বহুতেই নিশ্চয় দেখিছে।

৪) আৰ্যভাষাৰ এটা বৈশিষ্ট্য এয়ে যে ইয়াৰ লিখন বাওঁফালৰপৰা সোঁফাললৈ যায় । কিন্তু, সিন্ধু সভ্যতাৰ খননত ওলোৱা অজস্ৰ ফলিত যি লিখা আছে সেয়া সোঁফালৰ পৰা বাওঁফাললৈ লিখিত ।

৫) সিন্ধু সভ্যতাৰ ভাষা সংস্কৃতৰ আদিৰূপ হোৱা হ’লে আজিলৈকে তাৰ পাঠোদ্ধাৰ হৈ গ’লহেঁতেন। কিন্তু ভাষাবিজ্ঞানীসকলৰ অবিৰাম শ্ৰমৰ পিছতো তাৰ পাঠোদ্ধাৰ হোৱা নাই । আওপাকে তাৰ সংস্কৃতৰ লগত মিল নাই।

এইবোৰ যুক্তিও এটা সময়ত ভুল প্ৰমাণিত হ’ব পাৰে। কিন্তু, বৈজ্ঞানিকভাৱে সেইকাম নোহোৱালৈকে এনেয়ে গাৰ জোৰত ক’লে নহ’ব যে আৰ্যসকল ভাৰতৰ প্ৰাচীনতম বাসিন্দা, বৈদিক আৰু সংস্কৃত ভাৰতৰ প্ৰাচীনতম ভাষা আৰু সিন্ধু সভ্যতা নিজেই আৰ্য সভ্যতা !

অৰ্থাৎ ‘ভাৰত হিন্দুৰ দেশ’– এই দাবী ইতিহাসসন্মত বুলি প্ৰতিষ্ঠিত নহয়।

দ্বিতীয়তে, তেওঁলোকে দাবী কৰে (আৰু বহুতেই সেই দাবীত পতিয়নো যায়) যে ধৰ্মৰ ভিত্তিত ভাৰত-বিভাজন হৈছিল। এইটো এটা অৰ্ধ-সত্য। গণমাধ্যমৰ বিস্ফোৰণৰ আজিৰ যুগটোতো বহু মানুহেই দেশত কি ঘটি আছে তাৰ উমান নাপায়। স্বৰাজ আন্দোলন, দেশ বিভাজন আদিৰ তলা-নলাও ভাৰতৰ বুজন সংখ্যক হিন্দু-মুছলমানেই নাপাইছিল। সকলো হিন্দু-মুছলমানৰ মতামত লৈ দেশ বিভাজন কৰা হোৱা নাছিল। এচাম লোক কৰ্তা আছিল, কিন্তু অধিকাংশ হিন্দু-মুছলমান আছিল তাৰ ক্ৰীড়নক মাথোন।

তৃতীয়তে, তেওঁলোকে কয় যে “কোনো হিন্দু ভাৰতত বিদেশী নহয়”। এইটো এক মধ্যযুগীয়, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক দাবী। ইউৰোপৰ মধ্যযুগত ধৰ্মভিত্তিক জাতিৰ ধাৰণা আছিল; ফ্ৰান্স, ইটালী, বৃটেইন, জাৰ্মানী সকলো আছিল এক Christendom-ৰ ভিতৰুৱা, যাৰ বাবে পোপৰ নিৰ্দেশত ক্ৰুছেদত সকলো ইউৰোপীয় দেশেই তুৰ্কীৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিছিল। আধুনিক জাতিৰ ভিত্তি ধৰ্ম নহয়, ভাষা, ভৌগোলিক ক্ষেত্ৰ আদিহে। গতিকে ‘সকলো হিন্দু এক জাতি, এক ৰাষ্ট্ৰ’- হিন্দুত্ববাদীৰ এই ধাৰণা পশ্চাৎগামী আৰু আধুনিক পৰিস্থিতিৰ পৰিপন্থী।

চতুৰ্থতে, তেওঁলোকে দাবী কৰে যে বাংলাদেশত হিন্দু নিৰ্যাতিত, সেয়ে মানৱতাৰ খাতিৰত ভাৰতে তেওঁলোকক নাগৰিকত্ব দিব লাগে।পিছে বাংলাদেশত হিন্দু নিৰ্যাতনৰ সংবাদ অতিৰঞ্জিত নাইবা অসত্য বুলি ঢেৰ তথ্য আছে। ভাৰত-বিভাজনৰ পিছত বাংলাদেশ আৰু পাকিস্তান আমাৰ বাবে বিদেশ আৰু  ধৰ্ম নিৰ্বিশেষে তাৰ অধিবাসী আমাৰ বাবে বিদেশী। বিদেশৰ কোনো নাগৰিক যদি তাত নিৰ্যাতিত, তেন্তে তেওঁলোকক নিৰ্যাতন-মুক্ত কৰাৰ দায়িত্ব তেওঁলোকৰ চৰকাৰৰ- ভাৰত চৰকাৰৰ নহয়। মানৱতাৰ খাতিৰত তেনে নিৰ্যাতিত মানুহক লৈ ভাৰত চৰকাৰে আন্তৰ্জাতিক স্তৰত জনমত সৃষ্টি কৰাৰ যত্ন কৰিব পাৰে, তাকো হিন্দু বুলি নহয়, নিৰ্যাতিত মানুহ বুলিহে।

অৰ্থাৎ হিন্দুত্ববাদীয়ে বিধেয়কখনৰ সপক্ষে আগ বঢ়োৱা যুক্তিবোৰ কু-যুক্তি মাত্ৰ। কু-যুক্তি-ভিত্তিক এই বিধেয়কে সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যকো উলাই কৰে আৰু এইদৰে ভাৰতীয় গণতন্ত্ৰৰ মৰ্মমূলতে আঘাত কৰে। ভাষাভিত্তিক অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ বাবেতো ই হলাহল। কাজেই ই সমাগত পঞ্চায়ত নিৰ্বাচনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ইছ্যু হোৱা দৰকাৰ।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

email: shivajitdutta@gmail.com