কাজিৰঙাত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি শগুন দিৱস পালন
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত যোৱা ২ অক্টোবৰৰ পৰা উদযাপিত হৈছে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৷ এই কাৰ্যসুচীৰ লগত সংগতি ৰাখি সোমবাৰৰ দিনটো শগুন দিৱস হিচাবে পালন কৰিছে উদ্যান কৰ্তৃপক্ষই ৷
এই উপলক্ষে ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকৰ সৌজন্যত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত এই দিৱসৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷
মহাবিদ্যালয়খনৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত আয়োজিত এই শগুন দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে ৷
অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে ভিডিঅ’ বাৰ্তাৰে ছাত্ৰ-ছাত্ৰী সকলক শগুন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷
জে ডি এছ জি মহাবিদ্যালয়ৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষৰ সহযোগত আয়োজিত এই অনুষ্ঠানত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু বোম্বাই নেচাৰেল হিষ্টি চ’চায়েটিৰ গৱেষক ড৹ বিশ্বজিত চাকদাৰে সমল ব্যক্তি হিচাবে অংশ গ্ৰহন কৰি শগুনৰ প্ৰজাতি, বিস্তৃতি, সংৰক্ষণ আদিৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে৷
অনুষ্ঠানত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক জ্যোতিষ ৰঞ্জন ডেকা, মনীষা আশ্ৰফ, অদেশা নায়ক, জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শইকীয়া আৰু শশাংক ধৱল শইকীয়াৰ উপৰিও প্ৰকৃতিবিদ উত্তম শইকীয়াই অংশগ্ৰহণ কৰে৷
অনুষ্ঠানত কাজিৰঙা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত শগুন সংৰক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীকলৈ এটা ৱাটচ আপ গ্ৰুপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাজিৰঙাৰ কাষৰীয় অঞ্চলত শগুন সংক্ৰান্তীয় তথ্য সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
বন্যপ্ৰাণী সপ্তাহৰ এই সপ্তাহ জোৰা কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আৰণ্যকৰ উপৰিও ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, কৰবেট ফাউণ্ডেচন আৰু ভূমি় নামৰ প্ৰকৃতি সংগঠনে সহযোগিতা আগবঢ়াইছে ৷