উত্তৰ প্ৰদেশ চৰকাৰে লখিমপুৰ খেৰী হিংসাত নিহত চাৰিজন কৃষকৰ আত্মীয়ক ৪৫ লাখ টকাৰ আৰ্থিক সাহায্য আৰু চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আঘাতপ্ৰাপ্ত কৃষকসকলক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব।
আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে জনোৱা মতে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই হিংসাত্মক ঘটনাৰ তদন্ত কৰিব।
খেৰীৰ মুখ্য চিকিৎসা বিষয়া শৈলেন্দ্ৰ ভাটনাগৰে কয় যে আজি পুৱা চাৰিটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু চাৰিটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ কনভয়ৰ আক্ৰমণত চাৰিজন কৃষকৰ মৃত্যু হৈছিল ।এই আক্ৰমণত খৰ্গহস্ত হৈ কৃষকসকলেও প্ৰতি আক্ৰমণ কৰে। সংঘৰ্ষত আন চাৰিজন ব্যক্তিৰো মৃত্যু হয়।
ঘটনাটোৰ পিছত কৃষক নেতাসকলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। তেওঁলোকে অভিযোগ কৰা অনুসৰি মন্ত্ৰী জনৰ পুত্ৰই আক্ৰমণ কৰা এখন গাড়ী চলাই আহিছিল।
অৱশ্যে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁৰ মতে তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত নাছিল।
ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে বহু ৰাজনৈতিক নেতা ঘটনাস্থলীলৈ যাত্ৰা কৰে। কিন্তু ৰাজ্য প্ৰশাসনে তেওঁলোকক জিলা সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ আৰু লক্ষ্ণৌৰ পৰা ২২৫ কিলোমিটাৰ দূৰত ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰে।
এই নেতা সকলৰ ভিতৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, BSPৰ এছ চি মিশ্ৰা আৰু AAPৰ সঞ্জয় সিঙো আছিল।