ধোনীৰ ক্ৰিকেটৰ ভবিষ্যৎ সম্বন্ধে কি ক’লে ভি ভি এছ লক্ষ্মণে?

1_16a081f48df.1027143_839499140_16a081f48df_large

মহেন্দ্ৰ সিং ধোনীৰ ফাইল ফটো

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন নিৰ্ভৰযোগ্য বেটছমেন ভি ভি এছ লক্ষ্মণে মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেটৰ ভবিষ্যতক লৈ মন্তব্য দাঙি ধৰে।

ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক প্ৰশংসা কৰি ধোনীয়ে আৰু দুটা তিনিটা আই পি এল ছিজন খেলিব পাৰিব বুলি লক্ষ্মণে কয়।
এটা টেলিভিশ্যন শ্ব’ত ধোনী সম্পৰ্কে মত ব্যক্ত কৰি ধোনীয়ে আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ খেলাটোৱে আটাইতকৈ ভাল হ’ব বুলি উল্লেখ কৰি ধোনীৰ দৰে খেলুৱৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি লক্ষ্মণে প্ৰকাশ কৰে।

আনহাতে, ধোনীয়ে চেন্নাইৰ অধিনায়ক হিচাপে থাকি দেশৰ বহু উদীয়মান খেলুৱৈৰ পথ প্ৰদৰ্শক হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব বুলি প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কয়।

ধোনীক সকলোৱে ক্ৰিকেট খেলাটো বিচাৰে বুলি মন্তব্য কৰি লক্ষ্মণে কয় যে ধোনীয়ে চলিত আই পি এলে নহয় আৰু দুই, তিনিটা আই পি এল খেলিব।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনেও মহেন্দ্ৰ সিং ধোনীক উচ্চ প্ৰশংসা কৰি ধোনীৰ দৰে ক্ৰিকেটাৰ দশকত মাত্ৰ এজনহে জন্ম লাভ কৰে বুলি মন্তব্য কৰিছিল।