পুটিনৰ সকাহ! সমাপ্ত বিদ্ৰোহ; ঘাটিলৈ উভতিছে ৱেগনাৰ সেনা

ফটো: সংগ্ৰহীত।

ৰাছিয়াৰ বিদ্ৰোহী ভাড়াতীয়া সেনা বাহিনী ৱেগনাৰ গ্ৰুপে ৰক্তপাতৰ পৰা হাত সাৰিবলৈ নিজৰ ঘাটিলৈ উভতি যাবলৈ সন্মত হৈছে বুলি জনাইছে ইয়াৰ নেতা য়েভগেনি প্ৰিগোজিনে। ৰয়টাৰৰ বাতৰি অনুসৰি এই তথ্য লাভ কৰিব পৰা গৈছে।

শনিবাৰে টেলিগ্ৰামত প্ৰেৰণ কৰা এক অডিঅ’ বাৰ্তাত প্ৰিগোজিনে কয় যে ২৪ ঘণ্টাৰ ভিতৰতে আমি মস্কোৰ পৰা ২০০ কিলোমিটাৰৰ ভিতৰত উপনীত হ’লোঁ। এতিয়া সেই সময় আহিছে য’ত ৰক্তক্ষৰণ আৰম্ভ হ’ব পাৰে। গতিকে, আমি ৰাছিয়াৰ ৰক্তপাত হ’ব পাৰে বুলি এই বিষয়টোৰ সম্পূৰ্ণ দায়িত্ব লৈ যুদ্ধক্ষেত্ৰৰ ঘাটিলৈ উভতি আহিছো।

বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে মধ্যস্থতা কৰি ৱেগনাৰৰ মস্কোৰ দিশে আগবাঢ়ি যোৱাটো বন্ধ কৰি বিনিময়ত বিদ্ৰোহীসকলৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিছিল।

বিবিচিৰ বাতৰি অনুসৰি ৰাষ্ট্ৰপতি লুকাচেংকোৱে শনিবাৰে গোটেই দিনটো ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাৰ পিছত প্ৰিগোজিনে বিদ্ৰোহৰ অন্ত পেলাবলৈ আৰু পৰিস্থিতি স্বাভাৱিক কৰিবলৈ সন্মত হয়।

লুকাচেংকোৰ সংবাদ সেৱাই কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই আলোচনাত সন্মতি প্ৰকাশ কৰিছিল।

বেলাৰুছৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে এক বিবৃতিত কয় যে প্ৰিগোজিনে নিজৰ সৈন্যৰ মস্কো অভিমুখে চলাচল বন্ধ কৰিবলৈ সন্মত হৈছে। একে সময়তে তেওঁ উত্তেজনা দূৰ কৰাৰ বাবে আৰু অধিক পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰি ৱেগনাৰৰ যোদ্ধাসকলৰ নিৰাপত্তাৰ নিশ্চয়তা পাইছে। অৱশ্যে প্ৰিগোজিন আৰু তেওঁৰ ভাড়াতীয়া সৈন্যক আৰু কি কি প্ৰস্তাৱ দিয়া হৈছিল সেয়া স্পষ্ট হোৱা নাই।

ইয়াৰ পূৰ্বে শনিবাৰে আগবেলা ৱেগনাৰৰ সেনাই মস্কো অভিমুখে যাত্ৰা আৰম্ভ কৰে। এটা সময়ত তেওঁলোকক ৰখাবলৈ ৰাছিয়াৰ সেনাই হেলিকপ্টাৰৰ পৰা গুলীচালনা কৰে।