হাচাৰঙ্গাৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে চুপাৰ ১২ ত প্ৰৱেশ শ্ৰীলঙ্কাৰ

ICC T20 World Cup 2021

বুধবাৰে অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ খেলত ৱানিন্দু হাচাৰাঙ্গাৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত শ্ৰীলংকাই আয়াৰলেণ্ডৰ বিৰুদ্ধে ৭০ ৰানৰ জয়েৰে চুপাৰ ১২ ত স্থান নিশ্চিত কৰিছে।

প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৮ ৰানতে ৩ টা উইকেট হেৰুৱাই বিপদত পৰে। চতুৰ্থ উইকেটত হাচাৰঙ্গাই অপেনাৰ পাথুম নিচানকাৰ (৬১) সৈতে ১২৩ ৰাণৰ যুটি বান্ধি শ্ৰীলংকাক এক সবল স্থিতিত উপনীত কৰায়।

হাচাৰঙ্গাই ৪৭ বলত ১০ টা চাৰি আৰু এটা ছয়েৰে সৰ্বাধিক ৭১ ৰান সংগ্ৰহ কৰে।

শেষলৈ অধিনায়ক দছুন চনকাই ১১ বলত খৰতকীয়াকৈ দুটা চাৰি আৰু এটা ছয়েৰে ২১ ৰান কৰাৰ ফলত শ্ৰীলঙ্কাই নিৰ্ধাৰিত ২০ অভাৰত সাত উইকেটৰ বিনিময়ত ১৭১ ৰান সংগ্ৰহ কৰে।

আয়েৰলেণ্ডৰ পেচাৰ যছুৱা লিট’লে ২৩ ৰানৰ বিনিময়ত ৪ টা উইকেট দখল কৰে।

বিজয়ৰ বাবে ১৭২ ৰাণৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা আয়াৰলেণ্ডৰ আৰম্ভণিও দৃঢ় নাছিল। দলটোৱে ৩২ ৰানত শীৰ্ষক্ৰমৰ তিনিজন বেটচমেনক হেৰুৱায়।

বলবিৰ্নি আৰু কাৰ্টিছ কাম্ফাৰে (২৪) ৫৩ ৰাণৰ চতুৰ্থ উইকেটৰ যুটিৰে দলক কিছু সকাহ দিছিল যদিও থিকছানাই কাম্ফাৰক আউট কৰি এই যুটি ভংগ কৰে।

অধিনায়ক এণ্ড্ৰিউ বালবিৰ্নিয়ে (৪১) আয়াৰলেণ্ডৰ হৈ অকলশৰীয়া যুঁজ অব্যাহত ৰাখে যদিও আন বেটছমেনসকলৰ ব্যৰ্থতাৰ বাবে দলে ১০১ ৰানতে সকলো উইকেট হেৰুৱায়।

মিতব্যয়ী বলিঙেৰে থিকছানাই ১৭ ৰান দি ৩ টা উইকেট লাভ কৰে। বেটিঙৰ পিছত বলিঙটো সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা হাচাৰঙ্গাই ৪ অভাৰত মাত্ৰ ১২ ৰান খৰচ কৰি ১ টা উইকেট দখল কৰে।

অলৰাউণ্ড প্ৰদৰ্শনেৰে দলৰ জয়ত মুখ্য ভূমিকা লোৱা হাচাৰঙ্গা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।

এই জয়েৰে শ্ৰীলংকাই বিশ্বকাপৰ মূল পৰ্বত নিজৰ স্থান সুৰক্ষিত কৰিলে। আনহাতে, আয়াৰলেণ্ডে পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰিবলৈ এতিয়া তেওঁলোকৰ অন্তিম গ্ৰুপ মেচত নামিবিয়াক পৰাস্ত কৰি লাগিব।

নামিবিয়াই কালি আন এখন খেলত নেডাৰলেণ্ডক ছয় উইকেটত পৰাস্ত কৰি চুপাৰ ১২ লৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিছে।