• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাণত পানী সোমাইছে? সুৰা হ’ব পাৰে মগজুৰ সম্ভাৱ্য বিপদৰ পৰিত্ৰাণৰ উপায়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 8:02 am
remove water from ear
749
VIEWS
Share on FacebookShare on Twitter

গা ধোৱাৰ সময়ত বা আন কাৰণতো আমাৰ কাণত পানী সোমালে আমি সাধাৰণতে কাণখন একাষৰীয়া কৰি মূৰ জোকাৰি সেয়া বাহিৰ কৰিব খোজো। পিছে আমি এনে কৰা যে প্ৰকৃততে উচিত নহয়, সেয়া আমি কেতিয়াবা ভাবিছো নে?

গৱেষকসকলৰ মতে, ইয়াৰ ফলত নষ্ট হৈ যাব পাৰে আমাৰ মগজু। তাৰ পৰিৱৰ্তে আপুনি কাণত অলপ সুৰা (alcohol) বা ভিনেগাৰৰ টোপাল দি সমাধান কৰিব পাৰে এই সমস্যা।

এয়া আমি কোৱা কথা নহয়, গৱেষকে আগবঢ়াইছে এই দিহা। এই গৱেষণা আমেৰিকাৰ প্ৰখ্যাত কৰ্নেল ইউনিভাৰ্ছিটি আৰু ভাৰ্জিনিয়া টেকৰ। মগজু সুৰক্ষাত মদ বা ভিনেগাৰ কিদৰে সম্ভৱ!

কাৰণ, মদ বা ভিনেগাৰৰ পৃষ্ঠটান (surface tension) পানীতকৈ কম। গৱেষকৰ মতে, পৃষ্ঠটানৰ বাবে পানীখিনি কাণৰ পৰা ওলাই আহিব নোখোজে।

পৃষ্ঠটান কি? ধৰক, গিলাচ এটাত আপুনি উপচি যোৱাকৈ পানী ৰাখিছে। দেখিব, গিলাচৰ পৃষ্ঠভাগতকৈ সামান্য ওপৰলৈকে পানী ভৰালেও এটা নিৰ্দিষ্ট পৰিমাণলৈকে পানীখিনি বাগৰি নপৰাকৈ থাকে।

পানীখিনি স্ফীত, টান খাই থকাৰ দৰে থাকে, কিন্তু এটা নিৰ্দিষ্ট মাত্ৰালৈকে সি বাগৰি নপৰাকৈ থাকিব খোজে— সেয়া পৃষ্ঠটানৰ ফল। পানীৰ উপৰিভাগৰ কণাসমূহ (particles)ৰ আকৰ্ষণৰ ফলত এই পৃষ্ঠটানৰ সৃষ্টি হয়।

মদ, ভিনেগাৰৰ দৰে কম পৃষ্ঠটানৰ জুলীয়া পদাৰ্থই পানীৰ পৃষ্ঠটান ভাঙি দিয়াৰ ফলত পানীখিনি কাণৰ পৰা সহজে ওলাই আহে আৰু আপুনি মূৰ জোকাৰিব নালাগে।

গৱেষকসকলৰ মতে, কাণত সোমোৱা পানী উলিয়াবলৈ জোকাৰাৰ তীব্ৰতাই মগজু নষ্ট কৰিব পাৰে আৰু লগতে মুকলি কৰিব পাৰে সংক্ৰমণৰ বাট।

মুখগহ্বৰ বা কাণৰ দৰে মগজুৰ সৈতে লাগি থকা যিকোনো অংশতে সংক্ৰমণ অত্যন্ত বিপজ্জনক আৰু সি চিধা আৰু সহজে মগজুলৈ বিয়পিব পাৰে। গৱেষক সকলৰ মতে, শিশুৰ ক্ষেত্ৰত মগজু নষ্ট হোৱাৰ সম্ভাৱনা প্ৰাপ্তবয়স্কতকৈ বহুত বেছি। কাৰণ, শিশুৰ কাণৰ পথ সৰু।

তেওঁলোকে কৰা পৰীক্ষা মতে, শিশুৰ কাণৰ পৰা পানী উলিয়াবলৈ প্ৰয়োজন হোৱা জোকাৰণি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিতকৈ ১০গুণ বেছি।

২০১৯ চনৰ ২৩ নৱেম্বৰত আমেৰিকাৰ চিয়াতলত আমেৰিকান ফিজিকেল চ’চাইটিৰ এক বাৰ্ষিক সভাত এই গৱেষণা প্ৰতিবেদন দাখিল কৰা হৈছিল। গৱেষণাটোত ভাৰতীয় মূলৰ বিজ্ঞানী অনুজ বাকচ’তাও জড়িত আছিল।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd