NORTHEAST NOW (Assamese)

বিচাৰিছিল এটা সন্তান! ১২ বছৰৰ অপেক্ষাত পাঁচটা সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে 

May 26, 2026 12:22 pm · এন ই নাও নিউজ, গুৱাহাটী

১২ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত এগৰাকী মহিলাই একেলগে ৫টা সন্তান জন্ম দিছে। এই অবিশ্বাস্য ঘটনাটো ঘটিছে ইথিঅ’পিয়াৰ হাৰাৰি ৰিজিঅ’নেল ষ্টেটত। ৩৫ বছৰীয়া বেদ্ৰিয়া আদেম নামৰ মহিলাগৰাকীয়ে চাৰিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ জন্ম দিছে। বৰ্তমান মাতৃ আৰু আটাইকেইটা সন্তান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

বেদ্ৰিয়াই জনোৱা মতে বিয়াৰ পিছত যোৱা ১২ বছৰ ধৰি তেওঁ মাতৃ হ’বলৈ চেষ্টা কৰি আছিল। ইমান দিনে সন্তান নোহোৱাৰ বাবে গাঁৱৰ মানুহে তেওঁক বহুতো প্ৰশ্ন কৰিছিল, যিয়ে তেওঁক মানসিকভাৱে ভাঙি পেলাইছিল। যদিও তেওঁৰ স্বামীৰ আগৰ পক্ষৰ এটা সন্তান আছিল আৰু স্বামীয়ে তেওঁক সান্ত্বনা দিছিল, তথাপিও বেদ্ৰিয়াৰ মনত সদায় এক শূন্যতা আছিল। তেওঁ কয় যে তেওঁ মাথোঁ এটা সন্তানৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, কিন্তু ভগৱানে তেওঁক একেলগে পাঁচটাকৈ সন্তান দি আশীৰ্বাদ কৰিলে।

বৰ্তমান সময়ত যমজ বা তাতকৈ বেছি সন্তান জন্মৰ ক্ষেত্ৰত আই ভি এফ পদ্ধতিৰ ভূমিকা বেছি দেখা যায়। কিন্তু হিউট ফানা স্পেচিয়ালাইজড চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডাঃ মহম্মদ নুৰ আব্দুল্লাহিয়ে জানিবলৈ দিয়া মতে বেদ্ৰিয়াই কোনো কৃত্ৰিম পদ্ধতিৰ সহায় নোলোৱাকৈ প্ৰাকৃতিকভাৱেই গৰ্ভধাৰণ কৰিছিল। চিকিৎসকৰ মতে, প্ৰাকৃতিকভাৱে একেলগে পাঁচটা সন্তান জন্ম হোৱাটো অতি বিৰল। সাধাৰণতে এনেদৰে একেলগে পাঁচটা শিশু জন্ম দিয়াৰ সম্ভাৱনা চাৰে পাঁচ কোটিৰ ভিতৰত মাত্ৰ এজনৰ হে থাকে। অৱশ্যে আই ভি এফ পদ্ধতিত এনে ঘটনা বিৰল নহয়।

যোৱা মঙলবাৰে সন্ধিয়া ইথিঅ’পিয়াৰ হাইৱাত ফানা স্পেচিয়ালাইজড চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তানকেইটাৰ জন্ম হয়। নৱজাতক কেইটাৰ ওজন ১.৩ কেজিৰ পৰা ১.৪ কেজিৰ ভিতৰত। চিকিৎসকসকলে জনোৱা মতে বৰ্তমান মাতৃ আৰু পাঁচোটা সন্তান সুস্থ আছে। সাধাৰণতে ১ কেজিতকৈ বেছি ওজনৰ নৱজাতক জীয়াই থকাৰ সম্ভাৱনা বহুত বেছি থাকে, সেয়েহে চিকিৎসকসকলো তেওঁলোকৰ স্বাস্থ্যক লৈ আশাবাদী।

প্ৰথমতে বেদ্ৰিয়াই গৰ্ভত চাৰিটা সন্তান থকা বুলিহে জানিছিল, কিন্তু প্ৰসৱৰ সময়ত হে গম পোৱা গ’ল যে সন্তান আচলতে পাঁচটা। দম্পতীহালে তেওঁলোকৰ এই পাঁচটা আশীৰ্বাদৰ নাম ৰাখিছে নায়েফ, আম্মাৰ, মুনজিৰ, নাজিৰা আৰু আনছাৰ। পেচাত এগৰাকী সাধাৰণ কৃষক বেদ্ৰিয়াই একেলগে ইমান ডাঙৰ পৰিয়াল এটাৰ ভৰণপোষণক লৈ অলপ চিন্তিত যদিও তেওঁ বিশ্বাস কৰে যে ভগৱান আৰু সমাজৰ মানুহে এই কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিব।

Related News