• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জলবায়ু পৰিৱৰ্তন আৰু কংক্ৰিটৰ চহৰৰ প্ৰভাৱ: গ্ৰীষ্মপ্ৰৱাহ আৰু সঘনাই হোৱা বিদ্যুৎ কৰ্তনে ব্যাহত কৰিছে জনজীৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 12:17 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ু পৰিৱৰ্তন আৰু অবিন্যস্ত নগৰীকৰণৰ ভয়াবহ পৰিণতিস্বৰূপে ভাৰতত এতিয়া দিনৰ সমান্তৰালকৈ নিশাৰ অস্বাভাৱিক গৰমে জনস্বাস্থ্য আৰু শক্তি খণ্ডৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষতো নিশাৰ তাপমাত্ৰা বৃদ্ধিৰ সতৰ্কবাণী জাৰি কৰাৰ লগতে প্ৰকাশ কৰিছে যে, যোৱা এক দশকৰ ভিতৰত আঠ বছৰেই মাৰ্চৰ পৰা মে’ মাহলৈ নিশাৰ গড় তাপমাত্ৰাই পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে।

নতুন দিল্লীস্থিত গৱেষণা প্ৰতিষ্ঠান ‘ইন্টিগ্ৰেটেড ৰিচাৰ্ছ এণ্ড এক্সন ফৰ ডেভেলপমেণ্ট’ৰ সঞ্চালক ৰোহিত মাগোট্ৰাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে দিনৰ গৰমতকৈ নিশাৰ ক্ৰমাগত উচ্চ তাপমাত্ৰাই মানুহক অধিক ক্লান্ত কৰি তুলিছে। পৰ্যাপ্ত পানী আৰু শীতলীকৰণৰ সুবিধা নথকা দৰিদ্ৰ লোকসকল ইয়াৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বিশেষজ্ঞসকলৰ মতে, জলবায়ু পৰিৱৰ্তনৰ লগতে ‘আৰ্বান হিট আইলেণ্ড’ বা চহৰাঞ্চলৰ তাপৰ প্ৰভাৱ এই পৰিস্থিতিৰ বাবে প্ৰধানকৈ দায়ী। ‘কাউন্সিল অন এনাৰ্জি, এনভায়ৰনমেণ্ট এণ্ড ৱাটাৰ’ৰ জলবায়ু স্থিতিস্থাপকতা গোটৰ মুৰব্বী বিশ্বাস চিটালেৰ মতে, দ্ৰুতগতিত বৃদ্ধি পোৱা কংক্ৰিটৰ নিৰ্মাণ আৰু সম্প্ৰসাৰিত পথসমূহে দিনৰ ভাগত সৌৰ বিকিৰণ শোষণ কৰে আৰু ৰাতি লাহে লাহে সেই তাপ নিৰ্গত কৰে। যাৰ ফলত ঘৰৰ ভিতৰৰ তাপমাত্ৰা বাহিৰৰ পৰিৱেশতকৈ অধিক হৈ পৰে আৰু দিনৰ ভাগত বাহিৰত কাম কৰা শ্ৰমিকসকলে ৰাতি ঘৰলৈ উভতি আহিও জিৰণি ল’বলৈ সক্ষম নহয়।

Apply Now

উচ্চ তাপমাত্ৰাৰ সমান্তৰালকৈ সমগ্ৰ দেশত বিদ্যুতৰ চাহিদাও অভিলেখ পৰিমাণে বৃদ্ধি পাইছে। কেৱল দিনতেই নহয়, ৰাতিৰ ভাগতো বৃদ্ধি পোৱা এই বিশাল চাহিদাই বিদ্যুৎ যোগান ব্যৱস্থাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। উত্তৰ প্ৰদেশকে ধৰি উত্তৰৰ দিল্লীৰ পৰা দক্ষিণৰ চেন্নাইলৈকে বিভিন্ন প্ৰান্তত সঘনাই বিদ্যুৎ কৰ্তনৰ ঘটনা পোহৰলৈ আহিছে। সৌৰ শক্তিৰ দ্ৰুত সম্প্ৰসাৰণে দিনৰ ভাগৰ চাহিদা কিছু পৰিমাণে পূৰণ কৰিছে যদিও, নিশাৰ ভাগত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। ইৰাণৰ যুদ্ধৰ ফলত তৰলীকৃত প্ৰাকৃতিক গেছৰ যোগান ব্যাহত হোৱাৰ লগতে গেছভিত্তিক বিদ্যুৎ প্ৰকল্পসমূহৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত এইবাৰ সমস্যা অধিক জটিল হৈ পৰিছে। প্ৰায় পাঁচ গিগাৱাট বিদ্যুতৰ দৈনিক নাটনিয়ে দেশৰ প্ৰায় ত্ৰিশ লাখ দৰিদ্ৰ পৰিয়ালক অন্ধকাৰত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে।

দেশৰ ভিতৰতে সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য উত্তৰ প্ৰদেশ এই পৰিস্থিতিৰ ফলত আটাইতকৈ বেছি দুৰ্দশাগ্ৰস্ত হৈছে। ‘লকেলচাৰ্কলছ’ নামৰ সংস্থাটোৱে যোৱা ২১ মে’ত প্ৰকাশ কৰা এক সমীক্ষা অনুসৰি, ৰাজ্যখনৰ ৯৩ শতাংশ পৰিয়ালেই দৈনিক আঠ ঘণ্টালৈকে বিদ্যুৎ কৰ্তনৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাজ্যখনৰ বান্দা নামৰ চহৰখনত দিনৰ তাপমাত্ৰা প্ৰায় ৪৮ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ বিপৰীতে নিশাৰ তাপমাত্ৰাও ৩৫ ডিগ্ৰীৰ ওচৰা-ওচৰিকৈ থাকে, যিটো মানৱ স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক।

বৰ্তমান সময়ত চৰকাৰ আৰু প্ৰশাসনে এই সংকট নিৰাময়ৰ বাবে বিভিন্ন দিশ পৰ্যালোচনা কৰি আছে যদিও, গ্ৰীষ্মপ্ৰৱাহ আৰু বিদ্যুৎ সংকটৰ এই দুৰ্বিষহ পৰিস্থিতি দেশজুৰি এতিয়াও অব্যাহত আছে। ঘৰৰ ভিতৰৰ অসহ্যকৰ গৰমৰ পৰা হাত সাৰিবলৈ মানুহে ৰাতি মুকলি আকাশৰ তলত আশ্ৰয় ল’বলৈ বাধ্য হৈছে, যিয়ে বিশেষকৈ বয়োজ্যেষ্ঠ লোক, গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd