ভাগ্যৰ বিড়ম্বনা: ৫৪ দিন ধৰি দিল্লী বিমানবন্দৰত আৱদ্ধ হৈ আছে এজন জাৰ্মানীৰ অপৰাধী ব্যক্তি

delhi-coronavirus-lockdown-day-47_d72e6a50-9301-11ea-80d7-183d6ba34199 new

ফটো: হিন্দুস্তান টাইমছৰ সৌজন্যত

ভাৰতত চলি থকা অনিশ্চিত সংকটৰ মাজতে যোৱা ৫৪দিন ধৰি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ ট্ৰেঞ্জিট এলেকাত বাস কৰি আছে এজন মধ্যবয়সীয়া অপৰাধী জাৰ্মান ব্যক্তি।

যোৱা ১৮ মাৰ্চৰ পৰা আৱদ্ধ হৈ পৰা অপৰাধীজনৰ ঘটনা পোহৰলৈ অহাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হৈছে।

চল্লিশ বছৰীয়া এডগাৰ্ড জিয়েবেটে যোৱা ১৮ মাৰ্চত ইস্তানবুল অভিমুখী এজন ট্ৰেঞ্জিট পেছেঞ্জাৰ হিচাপে ভিয়েটনামৰ পৰা  ভিয়েট জেট বিমানেৰে আহি নতুন দিল্লীত উপস্থিতি হৈছিল।

লোকজনৰ ভাগ্যৰ বিড়ম্বনা যে সেই দিনাখনেই ভাৰতে তুৰ্কীৰ পৰা অহা যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল কৰিছিল।

তেওঁ হানৈলৈ যোৱাৰ পথত দিল্লীত উপস্থিত হৈছিল।

দেশত কৰ’না ভাইৰাছৰ বাবে ২৫ মাৰ্চত বলবৎ কৰা কঠোৰ লকডাউনৰ চাৰিদিন পাছতে ভাৰতে সকলো আন্তৰ্জাতিক বিমানৰ চলাচল বাতিল কৰে।

আন্তৰ্জাতিক বিমান বাতিল হোৱাৰ বাবে কেইবাজনো যাত্ৰী দিল্লী বিমানবন্দৰত আৱদ্ধ হৈ পৰিছিল যদিও জিয়েবেটৰ ঘটনাটো আছিল ব্যতিক্ৰম।

বিমানবন্দৰ কৰ্তৃপক্ষই জাৰ্মান দূতাবাসৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে জাৰ্মানীত থকা তেওঁৰ অপৰাধমূলক ৰেকৰ্ডৰ বাবে জিম্মাত ল’বলৈ অস্বীকাৰ কৰে।

ইয়াৰ বাবে ভাৰতেও তেওঁক ভিছা প্ৰদান নকৰিলে।

হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি, জিয়েবেটৰ লগতে আৱদ্ধ হৈ পৰা আন দেশৰ যাত্ৰীকেইজনক সংশ্লিষ্ট দেশৰ দূতাবাসসমূহে চমজি লৈ কোৱাৰেন্টাইন কৰে।

কিন্তু জাৰ্মান দূতাবাসে জিয়েবেটৰ দেশখনত থকা অপৰাধমূলক গোচৰৰ বাবে  দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে।

বিমানবন্দৰ কৰ্তৃপক্ষই দিল্লী আৰক্ষী আৰু দিল্লী ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডকো পৰিসস্থিতিটো অৱগত কৰে।

বাতৰি অনুসৰি, জাৰ্মান দূতাবাসে ঘটনাটো সম্পৰ্কত কৰা কলসমূহ তথা বাৰ্তাসমূহৰ সঁহাৰি দিয়া নাছিল।

তেওঁৰ অপৰাধমূলক ৰেকৰ্ডৰ কথা জনোৱাৰ পাছত ভাৰতে জিয়েবেটক ভিছা প্ৰদান কৰি বিমানবন্দৰ এৰাৰ বাবে অনুমতি দিব পৰা নাছিল।

আনহাতে, জিয়েবেটেও আনুষ্ঠানিকভাৱে ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা নাই।

ভাৰতত এগৰাকী আন্তৰাষ্ট্ৰীয় যাত্ৰীয়ে ট্ৰেঞ্জিট এলেকা ত্যাগ কৰিবলৈ ভাৰতীয় ভিছা লোৱা প্ৰয়োজন আৰু সাধাৰণতে তাত এদিনৰ বাবেহে থাকিব পাৰে।

জিয়েবেট যোৱা ১৮ মাৰ্চৰ পৰা তেওঁৰ টালি-টোপোলাৰে সৈতে টাৰ্মিনেলতে আছে।

হিন্দুস্তান টাইমছে এগৰাকী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছে যে তেওঁ এতিয়া বাতৰিকাকত-আলোচনী পঢ়ি, ফোনত পৰিয়ালৰ সৈতে কথা পাতি, টাৰ্মিনেলত এতিয়া খোলা থকা ষ্টলৰ ফাষ্ট ফুড খাই তথা তাত কৰ্মৰত কৰ্মচাৰীসকলৰ সৈতে কথা-বতৰা পাতি সময় পাৰ কৰিছে।

তেওঁক আনকি বুনিয়াদী প্ৰয়োজনীয় এখন বিচনা, আঠুৱা, টুথপেষ্ট, খাদ্য আদিও যোগান ধৰা হৈছে।

তেওঁ দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষক জনাইছে যে তেওঁ ট্ৰেঞ্জিট এলেকাত অকলে আছে আৰু তেওঁৰ থৰচ নিজেই বহন কৰিব পাৰিব।