• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ “বঞ্চিত” হিন্দুৰ বাবে ৰাষ্ট্ৰ প্ৰতিষ্ঠা পলাতক অভিযুক্ত ধৰ্মগুৰুৰ

হিন্দু ৰাষ্ট্ৰ “কৈলাশ”ৰ বিষয়ে স্বামী নিত্যানন্দই নিজ মুখেৰে কোৱা ভিডিঅ’ শুনক।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2019 4:27 pm
kailaasa Wanted Swamy Nithyananda announces new country for "dispossesed'' Hindus

কৈলাশ। ছবি সৌজন্য-- kailaasa.org

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণ আৰু ছেক্স স্কেণ্ডেলত অভিযুক্ত, পলাতক ধৰ্মগুৰু স্বামী নিত্যানন্দই বুধবাৰে মুকলি কৰিছে “বঞ্চিত” হিন্দুৰ বাবে নিজাববীয়াকৈ তেওঁ প্ৰতিষ্ঠা কৰা হিন্দু ৰাষ্ট্ৰ “কৈলাশ”।

গোটেই পৃথিৱীৰ “বঞ্চিত” হিন্দুসকলে স্বামীৰ “কৈলাশ দেশ”ৰ নাগৰিক হ’ব পাৰিব।

ভাৰতীয় সংস্থাসমূহে এতিয়াও বিচাৰি নোপোৱা আত্মগোপনকাৰী নিত্যানন্দই এক ৱেবছাইটযোগে এই কথা ঘোষণা কৰিছে।

“কৈলাশ হৈছে নিজৰ নিজৰ দেশত সঠিকভাৱে হিন্দুধৰ্ম চৰ্চাৰ অধিকাৰ হেৰুৱাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বঞ্চিত হিন্দুৰ এক সীমাবিহীন দেশ,” kailaasa.org নামৰ ছাইটটোত উল্লেখ।

নিত্যানন্দই নিজা চৰকাৰ আৰু চৰকাৰী বিভাগো গঠন কৰিছে।

কৈলাশত আছে এইচ ডি এইচ অ’ (office of the His Divine Holiness Bhagwan Sri Nithyananda Paramashivam), গৃহ নিৰাপত্তা আৰু প্ৰতিৰক্ষা, বিত্ত, বাণিজ্য, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, মানৱ সেৱা, গৃ্হ নিৰ্মাণ আৰু বোধপ্ৰাপ্ত সভ্যতা বিভাগ।

ছাইটটোৰমতে, কৈলাশে সনাতন হিন্দু ধৰ্মৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে বিশ্বই এতিয়াও গম নোপোৱা “নিপীড়ন”ৰ কাহিনীসমূহ প্ৰচাৰ কৰিব।

কৈলাশৰ এখন পতাকা আৰু প্ৰতীকো মুকলি কৰা হৈছে। দেশখনৰ বিভাগীয় ভাষা হ’ব তামিল, সংস্কৃত আৰু ইংৰাজী।

দেশখন তেওঁ “কজমিক (cosmic)” দেশ বুলিছে, কিন্তু “কৈলাশ অন আৰ্থ”-ও বুলিছে– সেয়ে ধাৰণাটো এতিয়াও স্পষ্ট হোৱা নাই।

এটা বাতৰিমতে, নিত্যানন্দই দক্ষিণ এমেৰিকান দেশ ইকুৱেদৰৰ পৰা এটা ব্যক্তিগত দ্বীপ কিনিছে।

এগৰাকী অভিনেত্ৰীৰ সৈতে এটা ছেক্স স্কেণ্ডেলত জৰিত থকাৰ অভিযোগত নিত্যানন্দক ২০১০ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। জে’লো দিয়া হৈছিল।

কৰ্নাটকত থকা তেওঁৰ আশ্ৰমত “নিৰ্য্যাতিত” হোৱা বুলি আন বহু মহিলায়ো পিছত অভিযোগ কৰিছিল।

শিশুক বন্দী কৰি ৰখাৰ অভিযোগত যোৱা মাহতো পলাতক স্বামী নিত্যানন্দৰ বিৰুদ্ধে গুজৰাটত এটা গোচৰ ৰুজু হৈছে।

ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰিমতে, নিত্যানন্দৰ “অৱস্থান” সম্পৰ্কে চৰকাৰৰ হাতত বৰ্তমান শুংসূত্ৰ নাই।

বহু হাজাৰ অনুগামী থকা স্বামী নিত্যানন্দ গুজৰাট, কৰ্নাটক আৰু অন্ধ্ৰ প্ৰদেশত বেছিকৈ জনপ্ৰিয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm
গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

September 12, 2025 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd