পাকিস্তানৰ হাতত আছিল ৬টা উইকেট, প্ৰয়োজন আছিল ১৭৮ ৰানৰ। কিন্তু বেটছমেনৰ বাবে বধ্যভূমিত পৰিণত হোৱা মুলতানৰ পিটচত ১০টা উইকেটৰ বিনিময়তো এই ৰান প্ৰায় পাহাৰ সদৃশ। আজি পাকিস্তানৰ শেষৰ পিনৰ বেটছমেনসকলে সেই পাহাৰ অতিক্ৰম কৰিব নোৱাৰিলে। ২০ অভাৰত ৫৭ ৰানত ৬ টা উইকেট হেৰুৱাই পৰাজয় গ্ৰহণ কৰি খেলপথাৰ ত্যাগ কৰে।
২৫৩ ৰানৰ লক্ষ্ অনুসৰণ কৰি খেলিবলৈ নমা পাকিস্তানক ১৩৩ ৰানত অল আউট কৰি ৱেষ্ট ইণ্ডিজে ১২০ ৰানত জয়লাভ কৰে। ১৯৯০ চনৰ নৱেম্বৰৰ পিছত এই প্ৰথমবাৰ পাকিস্তানৰ মাটিত টেষ্টত জয়ৰ মুখ দেখিলে ৱেষ্ট ইণ্ডিজে। ৩৪ বছৰ ২ মাহৰ পাছত লাভ কৰা এই জয়ৰ ফলত কেৰিবিয়ান দলে দুখন মেচৰ শৃংখলাত ১-১ ব্যৱধানত সমতালৈ আহে৷
আজিৰ খেলখনৰ তৃতীয় দিনৰ পুৱাই প্ৰথম আঠটা বলৰ ভিতৰতে দুজন অপৰাজিত খেলুৱৈ ছৌদ চাকিল আৰু কাচিফ আলী আউট হয়। ১৩ ৰান সংগ্ৰহ কৰা ছাকিলক কেভিন চিনক্লেয়াৰৰ বলত কেচ আউট হোৱাৰ বিপৰীতে নৈশ প্ৰহৰী হিচাপে নমা কাচিফ জোমেল ৱাৰিক্যানৰ বলত আউট হয় ।
সপ্তম উইকেটৰ যুটীত মহম্মদ ৰিজৱান আৰু আগা ছলমানে কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল। কিন্তু স্পিনাৰসকলে ইচ্ছামতে বল ‘টাৰ্ণ’ কৰিব পৰা উইকেটত বেটছমেনসকলে কিমান সময় প্ৰতিহত কৰিব? ৩৯ ৰানৰ পাৰ্টনাৰশ্বিপ ভংগ কৰি ৱাৰিক্যেনে দুয়োকে ঘূৰাই পঠিয়ায়।
বাওঁহাতৰ স্পিনাৰগৰাকীয়েও শেষৰ বেটছমেন সাজিদ খানক আউট কৰি ইনিংছটোত ৫টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ৪টা উইকেট আৰু বেটেৰে দুটা ইনিংছত ৫৪ ৰান সংগ্ৰহ কৰি ৱাৰিক্যেনক মেন অৱ দ্য মেচ হিচাপেও নিৰ্বাচিত কৰা হয়। আনহাতে ৩২ বছৰীয়া স্পিনাৰগৰাকীয়ে দুখন মেচত ৮৫ ৰান আৰু ১৯ টা উইকেট দখল কৰি ছিৰিজৰ মেন অৱ দ্য ছিৰিজৰ সন্মানো লাভ কৰিছে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা এই শেহতীয়া শৃংখলাত স্পিনাৰসকলে ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। দুয়োখন টেষ্টত স্পিনাৰে মুঠ ৬৯টা উইকেট দখল কৰিছে – যিটো এটা শৃংখলাত সৰ্বাধিক উইকেট। ২০২১ চনত শ্ৰীলংকা-ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ ৬৭টা উইকেটৰ অভিলেখ ভংগ হৈছে।
অৱশ্যে ৱেষ্ট ইণ্ডিজৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হৈছে মুলতানত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত জয়। ইয়াৰ পূৰ্বে কেৰিবিয়ান দলে পাকিস্তানত খেলা ২২খন টেষ্টৰ ভিতৰত মাত্ৰ ৪খনতহে জয়লাভ কৰিছিল। ইয়াৰে শেষৰটো জয় আছিল ১৯৯০ চনৰ ২৫ নৱেম্বৰত ফৈছালাবাদত। এই দলটোৰ কেমাৰ ৰ’চৰ বাহিৰে আন কোনো কাৰো তেতিয়া জন্মই হোৱা নাছিল।