• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্পীন ধুমুহাত বিধ্বস্ত! ৩৪ বছৰৰ পাছত পাকিস্তানত টেষ্ট জয়ৰ সোৱাদ পালে ৱেষ্ট ইণ্ডিজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2025 3:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ হাতত আছিল ৬টা উইকেট, প্ৰয়োজন আছিল ১৭৮ ৰানৰ। কিন্তু বেটছমেনৰ বাবে বধ্যভূমিত পৰিণত হোৱা মুলতানৰ পিটচত ১০টা উইকেটৰ বিনিময়তো এই ৰান প্ৰায় পাহাৰ সদৃশ। আজি পাকিস্তানৰ শেষৰ পিনৰ বেটছমেনসকলে সেই পাহাৰ অতিক্ৰম কৰিব নোৱাৰিলে। ২০ অভাৰত ৫৭ ৰানত ৬ টা উইকেট হেৰুৱাই পৰাজয় গ্ৰহণ কৰি খেলপথাৰ ত্যাগ কৰে।

২৫৩ ৰানৰ লক্ষ্ অনুসৰণ কৰি খেলিবলৈ নমা পাকিস্তানক ১৩৩ ৰানত অল আউট কৰি ৱেষ্ট ইণ্ডিজে ১২০ ৰানত জয়লাভ কৰে। ১৯৯০ চনৰ নৱেম্বৰৰ পিছত এই প্ৰথমবাৰ পাকিস্তানৰ মাটিত টেষ্টত জয়ৰ মুখ দেখিলে ৱেষ্ট ইণ্ডিজে। ৩৪ বছৰ ২ মাহৰ পাছত লাভ কৰা এই জয়ৰ ফলত কেৰিবিয়ান দলে দুখন মেচৰ শৃংখলাত ১-১ ব্যৱধানত সমতালৈ আহে৷

Apply Now

আজিৰ খেলখনৰ তৃতীয় দিনৰ পুৱাই প্ৰথম আঠটা বলৰ ভিতৰতে দুজন অপৰাজিত খেলুৱৈ ছৌদ চাকিল আৰু কাচিফ আলী আউট হয়। ১৩ ৰান সংগ্ৰহ কৰা ছাকিলক কেভিন চিনক্লেয়াৰৰ বলত কেচ আউট হোৱাৰ বিপৰীতে নৈশ প্ৰহৰী হিচাপে নমা কাচিফ জোমেল ৱাৰিক্যানৰ বলত আউট হয় ।

সপ্তম উইকেটৰ যুটীত মহম্মদ ৰিজৱান আৰু আগা ছলমানে কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল। কিন্তু স্পিনাৰসকলে ইচ্ছামতে বল ‘টাৰ্ণ’ কৰিব পৰা উইকেটত বেটছমেনসকলে কিমান সময় প্ৰতিহত কৰিব? ৩৯ ৰানৰ পাৰ্টনাৰশ্বিপ ভংগ কৰি ৱাৰিক্যেনে দুয়োকে ঘূৰাই পঠিয়ায়।

বাওঁহাতৰ স্পিনাৰগৰাকীয়েও শেষৰ বেটছমেন সাজিদ খানক আউট কৰি ইনিংছটোত ৫টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ৪টা উইকেট আৰু বেটেৰে  দুটা ইনিংছত ৫৪ ৰান সংগ্ৰহ কৰি ৱাৰিক্যেনক মেন অৱ দ্য মেচ হিচাপেও নিৰ্বাচিত কৰা হয়। আনহাতে ৩২ বছৰীয়া স্পিনাৰগৰাকীয়ে দুখন মেচত ৮৫ ৰান আৰু ১৯ টা উইকেট দখল কৰি ছিৰিজৰ মেন অৱ দ্য ছিৰিজৰ সন্মানো লাভ কৰিছে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা এই শেহতীয়া শৃংখলাত স্পিনাৰসকলে ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। দুয়োখন টেষ্টত স্পিনাৰে মুঠ ৬৯টা উইকেট দখল কৰিছে – যিটো এটা শৃংখলাত সৰ্বাধিক উইকেট। ২০২১ চনত শ্ৰীলংকা-ৱেষ্ট ইণ্ডিজৰ শৃংখলাৰ ৬৭টা উইকেটৰ অভিলেখ ভংগ হৈছে।

অৱশ্যে ৱেষ্ট ইণ্ডিজৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হৈছে মুলতানত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত জয়। ইয়াৰ পূৰ্বে কেৰিবিয়ান দলে পাকিস্তানত খেলা ২২খন টেষ্টৰ ভিতৰত মাত্ৰ ৪খনতহে জয়লাভ কৰিছিল। ইয়াৰে শেষৰটো জয় আছিল ১৯৯০ চনৰ ২৫ নৱেম্বৰত ফৈছালাবাদত। এই দলটোৰ কেমাৰ ৰ’চৰ বাহিৰে আন কোনো কাৰো তেতিয়া জন্মই হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd