ঢোকে-ঢোকে পানী খাইছে বাবা ৰামদেৱে ; বিজ্ঞাপনৰ আকাৰত ক্ষমা বিচাৰিবনে পতঞ্জলিয়ে- প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ

পুনৰ যোগগুৰু ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণক উচ্চতম ন্যায়ালয়ে ধমক দিয়ে। মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আইন অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে বাতৰি কাকতত ক্ষমা খুজি ছপা হোৱা বিবৃতিটো বিজ্ঞাপনৰ পৃষ্ঠাৰ দৰে ছপা হৈছে নেকি?

লগতে পঢ়ক: ভাৰতৰ লোকসভা নিৰ্বাচন ২০২৪: বিদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কিছু হেডলাইন

পতঞ্জলিৰ অধিবক্তা মুকুল ৰোহটগীয়ে কয় যে পতঞ্জলিয়ে আদালতত আন এখন নতুন ক্ষমা পত্ৰ দাখিল কৰিছে। বিচাৰপীঠে জানিব বিচাৰিছে যে ক্ষমা বিচৰাটো কালিহে কিয় হৈছিল? এই কামটো বহু আগতেই কৰিব লাগিছিল। ন্যায়াধীশ হিমা কোহলী আৰু এ আমানুল্লাহৰ বিচাৰপীঠত ৰোহটগীয়ে কয় যে পতঞ্জলিয়ে ২২ এপ্ৰিলত দেশৰ ৬৭খন কাকতত বিজ্ঞাপন দি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। ইয়াৰ বাবে ব্যয় কৰা হৈছে ১০ লাখ টকা।

লগতে পঢ়ক: ড° মনমোহন সিঙৰ বক্তব্যক বিকৃত ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা কাৰ্যক বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক সমাজৰ

অধিক আলোচনাৰ বাবে ৰামদেৱ আৰু বালকৃষ্ণৰ সন্মুখত আদালতে কয় যে “আমি এখন আবেদন লাভ কৰিছোঁ। যাতে মূল বাদী ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ বিৰুদ্ধে ১০০০ কোটি টকাৰ জৰিমনা বিহাৰ বাবে অনুৰোধ কৰা হৈছে। ইয়াৰ উত্তৰত ৰোহটগীয়ে কয় যে তেওঁৰ পতঞ্জলিৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই।এতিয়া আদালতে ৩০ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে। ৰামদেৱে পুনৰ ক্ষমা খুজি ডাঙৰ বিজ্ঞাপন দিব বুলিও কয়। ন্যায়াধীশ কোহলীয়ে ক’লে, বিজ্ঞাপনটো কাটি আমাক দেখুৱাওক৷আমি বিজ্ঞাপনটোৰ প্ৰকৃত আকাৰ চাব বিচাৰো।”

লগতে পঢ়ক: আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে লাভ কৰিলে এগৰাকী মহিলা উপাচাৰ্য

ইয়াৰ পূৰ্বে শুনানিত ন্যায়াধীশ হিমা কোহলী আৰু এ আমানুল্লাহৰ বিচাৰপীঠে প্ৰথমে যোগাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে এই যুটিটোক প্ৰশংসা কৰে। ইয়াৰ পাছতে আদালতে তেওঁলোকৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।