কোন যুৱতীক পচন্দ কৰিছে ৰাহুল গান্ধীয়ে! কেতিয়া বহিব বিয়াত? জনালে গান্ধীয়ে

Rahul Gandhi

কংগ্ৰেছ নেতা তথা ছোনিয়া তনয় ৰাহুল গান্ধীয়ে কেতিয়া আৰু কাৰ সৈতে বিয়াত বহিব! এই লৈ সময়ে সময়ে ব্যাপক চৰ্চা হোৱা দেখা যায়। ৰাহুল গান্ধীক এই সন্দৰ্ভত বহুবাৰ প্ৰশ্নও কৰা দেখিবলৈ পোৱা গৈছে। গান্ধীৰ সম্ভাৱ্য বিবাহ সন্দৰ্ভত শেহতীয়াকৈ তেওঁ জানিবলৈ দিছে কিছু কথা।

বৰ্তমান ভাৰত জোড়ো যাত্ৰাৰ বাবে জম্মুত আছে কংগ্ৰেছ নেতাগৰাকী। কাৰ্লি টেলছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে তেওঁৰ সম্ভাৱ্য জীৱন সংগী সন্দৰ্ভত আওপকীয়া উত্তৰ দিয়ে।

কোনো যুৱতীৰ নাম নোলোৱাকৈ গান্ধীয়ে যেতিয়া সঠিক যুৱতী পাব তেতিয়াই বিয়াত বহিব বুলি মন্তব্য কৰে। কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই সাক্ষাৎকাৰ।

৫২ বৰ্ষীয় ৰাহুল গান্ধীক সাক্ষাৎকাৰ গ্ৰহণ কৰা কামিয়া জানিয়ে সুধে, “আপুনি কোনো সময়ত সোনকালে বিয়া হোৱাৰ পৰিকল্পনা কৰিছেনে?” এই প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয়, “যেতিয়া সঠিক ছোৱালী আহিব, তেতিয়াই মই বিয়া কৰাম।”

জীৱন সংগীৰ ক্ষেত্ৰত গান্ধীৰ কোনো বিশেষত্ব আছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ তেনে কথা নাই বুলি উল্লেখ কৰি মাত্ৰ এগৰাকী মৰমিয়াল আৰু বুদ্ধিমান ব্যক্তিৰ প্ৰয়োজন বুলি মন্তব্য কৰে।

 

উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতো গান্ধীয়ে এক ইউটিউব চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁৰ সংগীৰ ক্ষেত্ৰত তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু আইতাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গুণ থকাটো বিচাৰে বুলি মন্তব্য কৰিছিল।

‘তৰুণ’ ৰাহুল গান্ধীয়ে ইন্দিৰা গান্ধীক তেওঁৰ জীৱনৰ প্ৰেম আৰু দ্বিতীয় মাতৃ বুলিও অভিহিত কৰিছিল।

ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰি ৰাহুল গান্ধীয়ে যোৱা ১২৯ দিনত ১২ খন ৰাজ্যৰ মাজেৰে পদযাত্ৰা কৰি বৰ্তমান জম্মুত আছে। যোৱা বৰ্ষৰ ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত অন্ত পৰিব।