পৃথিৱীৰ নিচেই কাষলৈ মঙল; নিশাৰ আকাশত খালী চকুৰে দেখা যাব এই ৰঙা গ্ৰহ

in-mars_5

নিশাৰ আকাশত দৃষ্টি ৰাখিলে এইবাৰ ‘মহাকাশৰ ৰঙা চাকি’ মঙলগ্ৰহটো স্পষ্টকৈ দেখা যাব। কিয়নো যোৱা ৬ অক্টোবৰৰ পৰা পৃথিৱীৰ নিচেই কাষলৈ গুচি আহিছে এই ৰঙাগ্ৰহটো।

বতৰ পৰিষ্কাৰ থাকিলে নিশাৰ আকাশত আমাৰ প্ৰতিবেশী গ্ৰহটোক খালী চকুৰে স্পষ্ট ৰূপত দেখা যাব।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জানিবলৈ দিছে যে পৃথিৱীৰ কক্ষপথৰ পৰা ৩কোটি ৮৬লাখ মাইল দূৰত বৰ্তমান অৱস্থান কৰি আছে মঙল গ্ৰহটো।

পূব আকাশত সন্ধিয়াৰ পৰাই পৰিদৃশ্যমান হৈ গোটেই নিশা আকাশত বৰ্তি থাকিব গ্ৰহটো। সম্পূৰ্ণ অক্টোবৰ মাহটো গ্ৰহটোক এইদৰে দেখা যাব।

নাছাই জানিবলৈ দিয়া মতে, প্ৰতি দুবছৰৰ মূৰে মূৰে পৃথিৱীৰ এফালে সূৰ্য আৰু আনফালে মঙল গ্ৰহ কাষ চাপি আহে। এইদৰে মঙল আৰু পৃথিৱী দুয়ো পৰস্পৰ নিচেই কাষলৈ আহি পৰিব। ৰঙা গ্ৰহ মঙলক আকাশত আটাইতকৈ উজ্জ্বল ৰূপত দেখা পোৱা যাব।

আনহাতে, আগন্তুক ২০৩৫চনলৈকে ১৫বছৰ কাল মঙল গ্ৰহ পৃথিৱীৰ নিচেই কাষতে থাকিব। ইয়াৰ পূৰ্বে ২০১৮ চনতো মঙল পৃথিৱীৰ ওচৰলৈ আহিছিল।

সেইদৰে ২০০৩ চনৰ ২৭ আগষ্টত মঙল আৰু পৃথিৱীৰ মাজৰ দূৰত্ব মাত্ৰ ৫কোটি ৫৭লাখ ৫৮হাজাৰ কিলোমিটাৰলৈ হ্ৰাস পাইছিল। এইটো গ্ৰহ দুটাৰ মাজত ৬০হাজাৰ বছৰৰ ভিতৰত আটাইতকৈ ওচৰ চপাৰ অভিলেখ আছিল।

এইবাৰ ইমান ওচৰ নাচাপিলেও কম দূৰত্বৰ বাবে নিশাৰ আকাশত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মঙল গ্ৰহ।