NORTHEAST NOW (Assamese)

জি এম চি এইচত ৪ টকাত এটিএম যোগে বিশুদ্ধ এক লিটাৰ পানী, ৫ টকাত কৰিব পাৰিব পায়খানা

September 20, 2018 7:08 pm · কল্পজ্যোতি শইকীয়া
জিএমচিএইচত বৃহস্পতিবাৰে উদ্বোধন কৰা হয় বায় টয়লেট আৰু ৱাটাৰ এ টি এম। ফটো : নৰ্থইষ্ট নাও

এতিয়াৰ পৰা জি এম চি এইচত ৰাইজে লাভ কৰিব এটিএম যোগে খোৱা পানী আৰু ১, ৩ আৰু ৫ টকা দিলেই লাভ কৰিব বায়’ টয়লেটত পায়খানা কৰাৰ সুবিধা।

উল্লেখ্য যে, ১ টকাত ২৫০ মিলি লিটাৰ লাভ কৰাৰ উপৰিও ৪ টকাত লাভ কৰিব এক লিটাৰ পানী। সাধাৰণতে ১ লিটাৰ পানীৰ বটলৰ মূল্য ২০ টকা যদিও পানীৰ এটিএমৰ সহায়ত ৪ টকাতে ১ লিটাৰ বিশুদ্ধ খোৱাপানী ৰাইজে লাভ কৰিব পাৰিব।

ৰাজ্য চৰকাৰৰ সিদ্ধান্তমৰ্মে জনসাধাৰণৰ সুবিধামৰ্মে গুৱাহাটী স্মাৰ্ট চিটীৰ অন্তৰ্গত এই প্ৰকল্পৰ আজি জিএমচিএইচত শুভ উদ্বোধন কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

আনহাতে, গুৱাহাটীৰ ভিন্ন স্থানত ২০ টা পানীৰ এটিএম আৰু ৩০ টা স্থানত সকলো সময়তে উপলব্ধ হ’ব পৰাকৈ চৰকাৰী নীতি অনুযায়ী ২০১৭ চনৰ মাৰ্চ মাহত নিবিদা আহ্বান কৰা হৈছিল যদিও ২০১৮ চনৰ মাৰ্চত নিম্নতম নিবিদাকাৰী মেচাৰ্চ ইৰাম ছাইন্টিফিক চল্যুছনক ৩০ টা জৈৱিক শৌচাগাৰ এবছৰৰ কাৰণে ৫.৫৩ কোটি টকাত আৱন্টন দিয়া হৈছে। ইয়াৰ ভিতৰত ১৭ টা জৈৱিক শৌচালয় আৰু ২০ টা পানীৰ এটিএমৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি পানীৰ এটিএমৰ জৰিয়তে সম্পূৰ্ণৰূপে বিশুদ্ধ খোৱাপানী উপলব্ধ হ’ব তথা ঠাণ্ডা আৰু নিয়মীয়া বিশুদ্ধ খোৱাপানী উপলব্ধ হ’ব।

আনহাতে, মুদ্ৰা অথবা স্মাৰ্ট কাৰ্ডৰ জৰিয়তে এই এটিএমত পানী উপলব্ধ হ’ব। তদুপৰি উক্ত এটিএমত সৌৰশক্তিৰো ব্যৱস্থা ৰখা হৈছে বুলি গুৱাহাটী উন্নয়ন বিভাগ কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে।

জৈৱিক শৌচালয়ত সংলগ্ন থকা বায়’ড্ৰাইভাৰ টেংক ডি.আৰ.ডিঅ’ৰ দ্বাৰা অনুমোদিত। এই টেংকত থকা পদ্ধতিয়ে মলৰ লগতে ব্যৱহৃত পানীৰ সকলো বীজাণু ধ্বংস কৰি বিশুদ্ধ পানীত পৰিণত কৰিব পাৰে তথা এই পানী সময়ে সময়ে ব্যৱহাৰ কৰিব পাৰিব বুলি আমাক সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে, শৌচালয়টোত ব্যৱহৃত পানী ইমানেই বিশুদ্ধ যে, সেই পানী পাছত ইচ্ছা কৰিলে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি দৈনিক প্ৰায় ২০০ জন মানুহে এই শৌচালয় ব্যৱহাৰ কৰিব পাৰিব।

আনহাতে, স্মাৰ্ট চিটীৰ অংশ হিচাপে এই বায়’ টয়লেট আৰু পানীৰ এটিএমৰ কাম-কাজ পৰৱৰ্তী পৰ্য্যায়ত কিমান দূৰ সফল হয় সেয়া লক্ষণীয় হ’ব।

Related News