বৃহস্পতিবাৰে শদিয়াবাসী সাক্ষী হৈ ৰ’ল এক বিৰল মুহূৰ্তৰ। কিয়নো আজি অসমৰ ডাক বিভাগে যুগান্তকাৰী পদক্ষেপ হিচাপে শদিয়াৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৈৰাগী বাবা থানৰ প্ৰতিচ্ছবি ডাক বিভাগৰ লেফাফা বা খামৰ ওপৰত মুদ্ৰণ কৰি এক বিশেষ লেফাফা মুকলি কৰে৷
ডাক বিভাগৰ এই ইতিবাচক পদক্ষেপে এই থানখনৰ গৰিমা, মহত্ত্ব সমগ্ৰ ভাৰত তথা বিশ্বৰ প্ৰেক্ষাপটত বহুল ভাৱে প্ৰচাৰ কৰিব বুলি শদিয়াবাসী আশাবাদী৷
ডাক বিভাগে আয়োজন কৰা প্ৰতিচ্ছবি উন্মোচনত উপস্থিত থাকে বৈৰাগী মঠ পৰিচালনা সমিতিৰ সভাপতি অগম গগৈ, সম্পাদক লক্ষ্মী বৰগোহাঁই, পৰিচালনা সমিতিৰ বিষয়ববীয়া পৰমেশ্বৰ বৰুৱা, মহন্ত গগৈ, মূল্যবান গগৈ, ভাগৱতী শৰ্মা আৰু ডাক বিভাগৰ উচ্চ পদস্থ বিষয়া৷
উল্লেখ্য যে ৩৫০ বছৰীয়া ঐতিহ্যমণ্ডিত ঠানখন যুগ যুগ ধৰি শদিয়াবাসীৰ আস্থা-বিশ্বাসৰ প্ৰতিক হিচাপে চিহ্নিত হৈ আহিছে৷ ড০ ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ দোকানী গাঁৱত অৱস্থিত এই ঠানখন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে কিয়নো ড০ ভূপেন হাজৰিকা সেঁতু মুকলি হোৱাৰ পিছত ইয়াৰ গুণ গৰিমা আৰু আস্থা অসমৰ প্ৰায়বোৰ ঠাইলৈ বিয়পি পৰিছে৷
ইয়াৰোপৰি ডাক বিভাগে লোৱা এই যুগান্তকাৰী পদক্ষেপে শদিয়াৰ পৰ্যটন ক্ষেত্ৰখনত আৰু অধিক উন্নতি সাধন কৰিব বুলি শদিয়াবাসীয়ে আশা প্ৰকাশ কৰিছে৷