পানী নাই : ৰাছিয়াৰ আক্ৰমণৰ পিছত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে কীয়েভবাসীয়ে।

জেলেনস্কীয়ে কৈছে যে ৰাছিয়াৰ হাতত এনে কোনো ক্ষেপণাস্ত্ৰ নাই, যি ইউক্ৰেইনৰ মানুহৰ জীয়াই থকাৰ ইচ্ছা নিঃশেষ কৰিব পাৰিব।

সোমবাৰে সমগ্ৰ ইউক্ৰেইনৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত ৰাছিয়াই ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইনত পুনৰ সৃষ্টি হয় বিভীষিকাময় পৰিস্থিতি।

এই আাক্ৰমণৰ পিছতে পানী আৰু বিদ্যুতৰ অভাৱত জীয়াতু ভুগিবলগা হৈছে কীয়েভৰ প্ৰায় সংখ্যক জনগণে। কীয়েভৰ মেয়ৰ ভিটালি ক্লিচ্চকোৱে সোমবাৰে সামাজিক মাধ্যমত এটা আপডেটৰ যোগেদি কয় যে কীয়েভৰ ৪০ শতাংশ লোকে এতিয়া পানীৰ অভাৱত ভুগিছে।

ৰাছিয়াই কোৱা মতে এই আক্ৰমণৰ উদ্দেশ্য আছিল ইউক্ৰেইনৰ সেনা বাহিনী নিয়ন্ত্ৰণ কৰাৰ লগতে ইউক্ৰেইনৰ শক্তি সংস্থাপন কেন্দ্ৰ সমূহ নষ্ট কৰা। যোৱা সপ্তাহৰ শেষৰ ফালে ক্ৰিমিয়াত ৰাছিয়ান সেনাৰ যুদ্ধ জাহাজত কৰা আক্ৰমণৰ প্ৰত্যাক্ৰমণ হিচাপে ৰাছিয়াই এই ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰিছে বুলি ঘোষণা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।

ইউক্ৰেইনে দিয়া তথ্য মতে, ৰাছিয়াই ইউক্ৰেইনলৈ লক্ষ্য কৰি ৫৫টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। ইয়াৰে ৪৫ টা ক্ষেপণাস্ত্ৰই ক্ষতিগ্ৰস্ত কৰিছে ইউক্ৰেইনক।

আানহাতে এই আক্ৰমণৰ পিছতেই কীয়েভত ব্যাহত হৈ পৰিছে বিদ্যুৎ । আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহ। কীয়েভৰ ২ লাখ ৭০ হাজাৰটা ঘৰ বঞ্চিত হৈ পৰিছে বিদ্যুৎ যোগানৰ পৰা। বন্ধ কৰি দিয়া হৈছে কীয়েভৰ ষ্ট্ৰীট লাইট। ইলেক্ট্ৰনিক বাছৰ সলনি চলিছে তৈল্যচালিত বাহন। প্ৰশাসনে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’বলৈ আহ্বান জনাইছে ইউক্ৰেইনবাসীক। সম্প্ৰতি বিদ্যুৎ আৰু পানী যোগানৰ ব্যৱস্থাসমূহৰ মেৰামতিৰ কাম চলি আছে বুলি জানিবলৈ দিছে ইউক্ৰেইনে।

এই ঘটনাত ১৩ জন লোক আহত হৈছে বুলি জানিবলৈ দিছে ইউক্ৰেইনৰ প্ৰশাসনে।

জেলেনস্কীয়ে কৈছে যে ৰাছিয়াৰ হাতত এনে কোনো ক্ষেপণাস্ত্ৰ নাই, যি ইউক্ৰেইনৰ মানুহৰ জীয়াই থকাৰ ইচ্ছা নিঃশেষ কৰিব পাৰিব।