পূজাৰ বেলুনো নুফুটে এনেকৈ,  আজি আকৌ নুনমাটিত ফুটিল পানীৰ পাইপ

মঙলবাৰে গুৱাহাটী মহানগৰীত আকৌ পানীৰ পাইপলাইন ফুটি যোৱা ঘটনা সংঘটিত হয়।

লাভ কৰা তথ্য অনুসৰি বিয়লি নুনমাটি ২নং ছেক্টৰত এই ঘটনা সংঘটিত হয় ।

সূত্ৰই জনোৱা অনুসৰি, পানীৰ পাইপ ফুটি যোৱাৰ পিছতেই অঞ্চলটোত পানী যোগান বন্ধ কৰি দিয়া হয়।

শেহতীয়া খবৰ অনুসৰি, মহানগৰ জিলা প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে ক্ষতিগ্ৰস্ত পাইপলাইনটো ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ পাইপলাইন।

বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰিত হোৱাৰ লগতে পানী যোগান পুনৰ ঘূৰাই অনা হৈছে বুলি অৱগত কৰিছে কৰ্তৃপক্ষই।

স্মৰ্তব্য যে অলপতে কমাৰ্চ কলেজ লিংক ৰোডৰ সমীপৰ ৰাজগড় পথত গুৱাহাটী জল ব’ৰ্ডে নতুনকৈ স্থাপন কৰা পানীৰ পাইপলাইন ফাটি যায়। এই ঘটনাত কোনো লোক আহত বা হতাহতিৰ খবৰ পোৱা নাই যদিও লাখ লাখ টকাৰ সম্পত্তিৰ ক্ষতিসাধন হয়।

যোৱা মাহত গুৱাহাটীৰ খাৰগুলি অঞ্চলত জাইকা পানী যোগানৰ মূল পাইপ লাইন পাইপ ফাটি বৃহৎ জল বিস্ফোৰেণৰ সৃষ্টি হৈছিল। বিস্ফোৰণৰ ফলত পানীৰ ঢৌৱে কেইবাখনো বাহন উটুৱাই নিয়াৰ লগতে কমেও ৪০টা ঘৰৰ ক্ষতিসাধন কৰে। খবৰ অনুসৰি এই ঘটনাত ৬০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ৩০ জন লোক আহত হয়।

লগতে এই ঘটনাত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলা নিহত হয়।