ৰাজগড় জলবিস্ফোৰণ: ৰাইজৰ ৰোষত মন্ত্ৰী অশোক সিংঘাল

খাৰঘুলিত সংঘটিত জলবিস্ফোৰণৰ বিতৰ্ক মাৰ নাযাওঁতেই আজি আন এক জনবিস্ফোৰণ কাণ্ড সংঘটিত হয় মহানগৰীত। জলব’ৰ্ডৰ পানী যোগান পাইপলাইন ফাটি যোৱাৰ ফলশ্ৰুতিত আজি আকস্মিক বানে বিভীষিকাৰ সৃষ্টি কৰে ৰাজগড় অঞ্চলত।

পানীৰ পাইপ ফাটি সৃষ্টি হোৱা জলবিস্ফোৰণৰ ঢৌ প্ৰায় ৫০ ফুট ওপৰলৈ উঠি আহে। কিছু সময়ৰ ভিতৰতে এই পানীয়ে বুৰাই পেলায় গুৱাহাটীৰ কমাৰ্চ কলেজ পইণ্টৰ সৈতে ৰাজগড়ক সংযোগ কৰা পথ।

ইফালে বানৰ অঞ্চলটোত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰাৰ সমান্তৰালকৈ বিস্তৰ ক্ষতিসাধনৰ সন্মুখীন হয় অঞ্চলটোৰ বাসগৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

অৱশ্যে এই ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱা নাই বুলি প্ৰশাসনে নিশ্চিত কৰে। ঘটনাৰ পিছতে বিভাগীয় মন্ত্ৰী অশোক সিংঘাল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীতে মন্ত্ৰী সিংঘালক জবাবদিহি কৰে স্থানীয় লোকসকলে।

মন্ত্ৰী সিংঘালে সাংবাদিকৰ সৈতে বাৰ্তালাপত অৱশ্যে ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘটনাৰ বিষয়ে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৫ মে’ত গুৱাহাটীৰ খাৰঘুলি অঞ্চলত পাইপলাইন ফাটি যোৱাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাগৰাকীও আহত হৈছিল।