কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলত ৬ আৰু ৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা জলচৰ পক্ষীৰ গননাৰ সফল সামৰণিৰ পাছত আজি পুৱা গননাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষিত কৰা হয়।
কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লহন প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অমৃত চাহাই কৰা ঘোষণা মতে শেষতীয়া জলাশয় পক্ষী গননাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন সংমণ্ডল আৰু বিশ্বনাথ সংমণ্ডল অঞ্চল সামৰি মুঠ ২২ টা গোত্ৰৰ ১১২ টা প্ৰজাতিৰ মুঠ ৯৩,৪৯১ পক্ষী পোৱা যায়।
অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষকৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, নগাঁও বন সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা আৰু প্ৰদীপ বাৰ্মা, সহকাৰী বনসংৰক্ষৰ ঋতু পৱন বৰাৰ লগতে পক্ষী গণনাত অংশগ্ৰহণ কৰা পক্ষীবিদ আৰু স্বেচ্ছাসেৱক সকলে অংশগ্ৰগণ কৰে।
অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সকলোকে আদৰণি জনোৱাৰ লগতে সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাৰ পক্ষী গননাৰ বিৱৰণ দাঙি ধৰাৰ উপৰিও ডি এফ অ’ অৰুণ বিঘ্নেশে পক্ষী গননাৰ তথ্যৰ এক সচিত্ৰ উপস্থাপন প্ৰদৰ্শন কৰে।
উল্লেখ যোগ্য যে, পক্ষী গণনাৰ সময়ত গণনাকাৰী সকলে প্ৰত্যক্ষ কৰা ১১২ টা প্ৰজাতিৰ ভিতৰত ৫৮ টা বিদেশৰ পৰা অহা প্ৰৱজনকাৰী চৰাই।
গণনাৰ কালত গণনাকাৰী সকলে কাজিৰঙাত সৰ্বাধিক পৰিমানৰ ইউৰেচিয়ান কোট, দ্বিতীয়তে ধৃতৰাজ চৰাই আৰু তৃতীয় সৰ্বাধিক শৰালি হাঁহ প্ৰত্যক্ষ কৰে।
এইবাৰৰ গণনাত ২০২০ চনৰ গণনাতকৈ কাজিৰঙাত মুঠ ৫৯,২০৭ টা জলচৰ পক্ষী বৃদ্ধি পোৱা বুলি বিভাগীয় সূত্ৰত প্ৰকাশ। এইবাৰৰ গননাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পক্ষীবিদৰ উপৰিও ছাত্ৰ-ছাত্ৰী আৰু জীপ চাফাৰী সন্থাৰ সদস্য সকলেও অংশগ্ৰহণ কৰে।