মুখ্য মন্ত্ৰী সাহায্য পুজিৰ নামত চাহ শ্ৰমিকৰ মজুৰিৰ অংশ কৰ্তন গোলাঘাটৰ ওৱাটিং চাহ বাগিছাৰ পৰিচালকৰ 

ক্ষুদ্ৰ চাহ বাগিচা

দেশজুৰি ল’কডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন লোকৰ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ হৈছে ৷

বিভিন্ন দল-সংগঠনৰ লগতে সচেতন  ব্যক্তি সকলে খাদ্য সংকতত পৰা লোক সকলক অত্যাৱশ্যকীয় খাদ্য যোগান ধৰাৰ সময়তে গোলাঘাট জিলাৰ ওৱাটিং চাহ বাগিচাৰ শ্ৰমিক সকলৰ মতামত গ্ৰহণ নকৰাকৈ বাগিচাখনৰ পৰিচালকে শ্ৰমিকৰ মজুৰি কৰ্তন কৰাক লৈ শ্ৰমিক সকল উত্তেজিত হৈ পৰে।

উল্লেখ্য যোগ্য যে, চলিত মাহৰ প্ৰথম সপ্তাহত  ওৱাটিং চাহ বাগিচাৰ শ্ৰমিক সকলক যি মজুৰি প্ৰদান কৰিছিল সেই মজুৰিৰ পৰা বাগিচাখনৰ পৰিচালগৰাকীয়ে শ্ৰমিকৰ মত নোলোৱাকৈ কেৱল বাগিচা সংঘৰ সভাপতি আৰু সম্পাদকক অৱগত কৰি প্ৰতি গৰাকী শ্ৰমিকৰ মজুৰিৰ পৰা মুখ্য মন্ত্ৰী সাহায্য পুজিৰ নামত কিছু সংখ্যক ধন কৰ্তন কৰে।

বিগত ২০ এপ্ৰিলত অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মিৰ নেতৃত্বত এটা সজাতি দলে বিভিন্ন চাহ বাগিচাৰ লগতে ওৱাটিং চাহ বাগিচাতো ল’কডাউনৰ সময়ত শ্ৰমিক সকলক কেনেধৰণে কৰ্মত নিয়োজিত কৰিছে পৰিৰ্দশন কৰিবলৈ যাওঁতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷

ইপিনে, বাগিচা খনলৈ পৰিৰ্দশনৰ বাবে যোৱা আটছাৰ সজাতি দলটিক যিসকল শ্ৰমিকে অভিযোগ দিছিল সেই সকল শ্ৰমিকক কৰ্মৰ পৰা নিলম্বন কৰাৰ ভাবুকি প্ৰদান কৰে বাগিচাৰ পৰিচালক শান্তনু হাজৰিকাই ৷

আনহাতে, বাগিচাৰ শ্ৰমিক সকলৰ কৰ্তন কৰা ধনৰাশি পুনৰ শ্ৰমিক সকলক প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে  জিলা প্ৰশাসন, শ্ৰম বিভাগ আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে ব্যৱস্থা লোৱাৰ আহ্বান জনায় আটছা গোলাঘাট শাখাৰ নেতৃবৰ্গই ৷