NORTHEAST NOW (Assamese)

“দেশখন সঠিক দিশে অগ্ৰসৰ হৈছে!”: মন কী বাতত এইদৰে জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

May 30, 2021 8:38 pm · এন ই নাও নিউজ

স্বাধিনতাৰ ৭০ বছৰৰ মূৰত বিদ্যুৎ আৰু ৰাস্তাৰ সুবিধা লাভ কৰি বিভিন্ন গাঁৱৰ অজস্ৰ লোকে দেশখনক ধন্যবাদ জনাবলৈ ধন্যবাদসূচক পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এইদৰে কয়।

যোৱা সাত বছৰত তেওঁৰ কাৰ্যকালত যিসমূহ হৈছে, সেইসমূহ দেশ আৰু দেশবাসীৰ বাবে বিজয়সূচক বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

“আমি সঠিক পথত আছো।”- তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত আজি এইদৰে অনুভৱ ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰীয়ে।

“অসংখ্য মানুহে ৰাষ্ট্ৰক ধন্যবাদ জনাইছে যে তেওঁলোকৰ সন্তানে ইলেক্ট্ৰিক লাইট আৰু ফেনৰ তলত বহি অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰিছে।”- তেওঁ এইদৰে কয়।

”অসংখ্য মানুহে কৈছে যে ‘আমাৰ গাঁওখনো এতিয়া এটা ভাল ৰাস্তাৰে চহৰৰ স’তে সংযোজিত হৈছে।”- তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বৰ্তমান আন দেশৰ দৃষ্টি আৰু হেঁচাত নচলে, যিটো এটা গৌৰৱৰ বিষয়।

”আমাৰ বিশ্বাস বাঢ়িছে যেতিয়া ষড়যন্ত্ৰকাৰীসকলক ভাৰতে শক্তিশালীভাৱে প্ৰত্যুত্তৰ দিছে।”- তেওঁ কয়।

তদুপৰি জম্মু-কাশ্মীৰৰ ৩৭০ ধাৰা বাতিল, অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ, শক্তিশালী সুৰক্ষা ব্যৱস্থা ইত্যাদিয়ে দেশখনক সঠিক দিশত আগুৱাই নিছে বুলিও তেওঁ অনুভৱ ব্যক্ত কৰে।

Related News