প্ৰতিবাদৰ নামত বন্ধ নকৰিব ৰে’লপথ: অসমৰ দল-সংগঠনৰ প্ৰতি শিলাদিত্য দেব

We request every citizen of Assam and every organization not to stop any train for any demonstration and never ever damage public prope shiladitya deb

শিলাদিত্য দেব। ছবি- নৰ্থ ইষ্ট নাও।

প্ৰতিবাদৰ নামত ৰে’লপথ অৱৰোধ নকৰিবলৈ অসমৰ প্ৰত্যেক নাগৰিক আৰু সংগঠনক আহ্বান জনাইছে হোজাইৰ বিধায়ক শিলাদিত্য দেবে।

“অসমৰ প্ৰত্যেকজন নাগৰিক আৰু প্ৰত্যেকটো সংগঠনক অনুৰোধ জনাইছো তেওঁলোকে যাতে প্ৰদৰ্শনৰ নামত কোনো ৰে’ল নৰখায় আৰু প্ৰতিবাদত কোনো ৰাজহুৱা সম্পত্তি কেতিয়াও ধ্বংস নকৰে,” বৃহস্পতিবাৰে হোজাই-হবাইপুৰৰ মাজৰ দ্বৈত ৰে’লপথ মুকলি অনুষ্ঠানত এই মন্তব্য হোজাইৰ বিধায়কজনৰ।

বৃ্হস্পতিবাৰৰ দিনটো হোজাইবাসীৰ বাবে “ঐতিহাসিক”ৰূপে উল্লেখ কৰি অতি কম সময়ৰ ভিতৰতে জিলাখনত চাৰিটাকৈ ৰে’ল ষ্টে’চন মুকলি কৰাৰ বাবে ৰে’ল মন্ত্ৰী গোহাঁইৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ লগতে জনায় যে অহা ২ ফেব্ৰুৱাৰিত লংকাত এখন ফ্লাই অ’ভাৰ আৰু হোজাই জিলা সদৰত ২০০ বিচনাযুক্ত এখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব।

হোজাই ৰে’ল ষ্টে’চনৰ অনুষ্ঠানটোৰ পৰাই হোজাই, হবাইপুৰ, লংকা আৰু ধলপুখুৰীৰ নৱ নিৰ্মিত ৰে’ল ষ্টে’চন আৰু যাত্ৰীৰ আন সা-সুবিধাসমূহো মুকলি কৰে মন্ত্ৰী গোহাঁয়ে।

অনুষ্ঠানটোত মন্ত্ৰী গোহাঁই আৰু বিধায়ক দেবৰ লগতে লামদিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাইৰ উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁই, ৰে’লৱে’ৰ মহাপ্ৰবন্ধক সঞ্জীৱ ৰয়, ৰে’লৱে’ (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক এন কে প্ৰসাদ, লামদিঙৰ মাণ্ডলিক ৰে’লৱে’ মহাপ্ৰবন্ধক ৰাম বাহাদুৰ ৰায়ৰ উপৰি ৰে’লৱে’ৰ অন্যান্য বিষয়া-কৰ্মচাৰীও উপস্থিত আছিল।