NORTHEAST NOW (Assamese)

“ভাৰতৰ স’তে বন্ধুত্বমূলক সম্পৰ্কৰ বাবে পাকিস্তান আগ্ৰহী” : পাকিস্তানৰ কূটনীতিবিদ

March 23, 2021 5:30 pm · এন ই নাও নিউজ

পাকিস্তানে সকলো দেশৰ স’তে বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰাত আগ্ৰহী।

মঙলবাৰে নতুন দিল্লীত পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ হৈ জ্যেষ্ঠ কূটনীতিবিদ আফটাব হাছান খানে এইদৰে কয়।

তেওঁ কয় যে ভাৰত আৰু পাকিস্তানে সকলো বাদ-বিবাদ শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে সমাধান কৰা উচিত।

‘পাকিস্তান দিৱস’ উপলক্ষে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত কূটনীতিবিদজনে এইদৰে কয়।

”ভাৰতকে ধৰি সকলো দেশৰ স’তে পাকিস্তানে বন্ধুত্বমূলক সম্পৰ্কত থাকিব বিচাৰে।”- তেওঁ কয়।

তেওঁ কয় যে দক্ষিণ এছিয়াৰ স্বাৰ্থৰ বাবে অঞ্চলটোত শান্তি অনিবাৰ্য।

উল্লেখযোগ্য যে ১৯৪০ চনৰ ২৩ মাৰ্চত মহম্মদ আলি জিন্নাৰ নেতৃত্বত পাকিস্তান গঠনৰ প্ৰস্তাৱ লোৱা হৈছিল, আৰু সেই উপলক্ষে প্ৰতি বছৰে ২৩ মাৰ্চৰ দিনটো ‘পাকিস্তান দিৱস’ হিচাপে পালন কৰি আহিছে।

Related News