• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিয়াল লোকৰ সা-সম্পত্তি কাঢ়ি নিলে আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকাই; বিস্ফোৰক অভিযোগ আত্মীয়ৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , March 23, 2021 6:06 pm

2 min read

Amguri
488
VIEWS
Share on FacebookShare on Twitter

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাত গৰম হৈ পৰিছে শিৱসাগৰৰ নিৰ্বাচনী বতাহ ।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ বিভিন্ন সংবাদ মেলৰ মাজত আজি আমগুৰি সমষ্টিৰ বিধায়ক তথা আগন্তুক নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ তুলি শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰিলে প্ৰদীপ হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত গগণ হাজৰিকাৰ পত্নী আৰু কন্যাই।

১৯৮৫ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ জেষ্ঠ ভাতৃ গগণ হাজৰিকাৰ মৃত্যুৰ পাছত কিদৰে প্ৰদীপ হাজৰিকাই বৌৱেক লাৱণ্য হাজৰিকা আৰু তিনি কন্যা সন্তানক মাটি-ভেটি-সম্পত্তিৰ পৰা বিতাড়িত কৰিছিল তাৰ আখ্যান আজিৰ সংবাদ মেলত দাঙি ধৰে প্ৰয়াত গগণ হাজৰিকাৰ পত্নী আৰু কন্যাই ।

বিধায়ক গৰাকীৰ দুই ভতিজা ক্ৰমে পৰিস্মিতা হাজৰিকা আৰু অবিস্মিতা হাজৰিকাই তেওঁলোকৰ পিতৃৰ বিয়োগৰ পিছত গগণ হাজৰিকাৰ মাটি-গাড়ী-হাতী-ঘৰ আদি সকলো সম্পত্তি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰি এই সমগ্ৰ বিষয়ক লৈ আদালতত গোচৰ চলি থকাৰ তথ্য ৰাজহুৱা কৰে।

প্ৰদীপ হাজৰিকাৰ দুই ভতিজীয়ে তেওঁলোকৰ মাতৃয়ে ন্যায় পাবৰ নিমিত্তে সংবাদ মাধ্যমৰ আগত এইসমূহ তথ্য ৰাজহুৱা কৰা বুলি উল্লেখ কৰি কয় যে এই যুঁজ বিগত বহু দিনৰ পৰাই চলাই অহা হৈছে যদিও প্ৰদীপ হাজৰিকাৰ দৰে শক্তিশালী ব্যক্তিৰ বিৰুদ্ধে ঠিয় দিবৰ বাবে দৰকাৰ হোৱা সকলো প্ৰস্তুতিৰ অন্তত অসমৰ ৰাইজে জনপ্ৰতিনিধিজনৰ প্ৰকৃত স্বৰূপ জনাৰ প্ৰয়োজন বুলিহে আজিৰ সংবাদ মেল আহ্বান কৰা বুলি জানিব দিয়ে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে সংবাদ মেল কিয় অনুষ্ঠিত কৰা হ’ল বুলি সোধা প্ৰশ্নৰ উত্তৰত দুই ভতিজীয়ে কয় যে এয়া কোনো ৰাজনীতি নহয়। কোনোৱে নিজৰ মাতৃক লৈ ৰাজনীতি নকৰে। কিন্তু যিজন ৰাইজৰ প্ৰতিনিধিয়ে নিজৰ প্ৰয়াত জ্যেষ্ঠ ভাতৃৰ পৰিয়ালক এনে শোষণ কৰিব পাৰে তেওঁ ৰাইজক কি কৰিব নোৱাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰিও বিধায়কজনৰ দুই ভতিজীয়ে আমগুৰি সমষ্টিৰ ৰাইজক আগন্তুক বিধানসভা নিৰ্বাচনত ভোটদান কৰাৰ সময়ত এই বিধায়কজনৰ কুকাণ্ডসমূহ মনত পেলাবলৈ আহ্বান জনালে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd