NORTHEAST NOW (Assamese)

বাঢ়ি আহিছে কোভিড: মাস্ক নিপিন্ধিলেই ভৰিব লাগিব ৫০০ টকাৰ জৰিমনা : দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

April 20, 2022 3:19 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 20, 2022 3:28 pm

দেশত কোভিডৰ চতুৰ্থ ঢৌ একপ্ৰকাৰ আৰম্ভ হোৱাৰ সময়তে দিল্লীত কোভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে।

ৰাজধানী চহৰ খনত প্ৰতিদিনে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈছে। এনে পৰিস্থিতিত দিল্লীত পুনৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে দিল্লীৰ চৰকাৰে।

দিল্লী চৰকাৰৰ অধীনস্থ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুধবাৰে ৰাজধানী চহৰ খনত মাস্ক পিন্ধাটো বাধ্যতামূলক বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে বিভাগটোৱে মাস্ক পিন্ধাৰ বিধি প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল। কিন্তু কোভিড পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি হোৱালৈ চাই বিভাগটোৱে আদি পূৰ্বৰ নিৰ্দেশ বাতিল কৰে।

আজি দিল্লীৰ উপ-ৰাজ্যপালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পিছতে ৰাজধানী চহৰ খনত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ জাৰি কৰা হয়।

যিসকল লোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰে তেওঁলোকক ৫০০ টকাৰ জৰিমনা বিহা হ’ব বুলিও দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।

দিল্লীৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ কোনো সম্ভাৱনা নাই বুলিও দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। উল্লেখ্য বিগত ২৪ ঘণ্টাত দিল্লীত ৬৩২ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে প্ৰকাশ কৰা মতে দিল্লীত কোভিড পৰিস্থিতি বৰ্তমান উদ্বেগজনক নহয় যদিও আক্ৰান্তৰ ঘটনাবোৰ ক্ৰমাৎ বাঢ়িলৈ ধৰিছে। চৰকাৰে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে।

দিল্লীৰ লগতে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা চৰকাৰেও সংশ্লিষ্ট ৰাজ্য কেইখনৰ কেইখনমান জিলাত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

Related News