হোজাই জিলাৰ ৱেবছাইট মুকলি

হোজাই জিলা প্ৰশাসনৰ চৰকাৰী ৱেবছাইট hojai.assam.gov.in মুকলি কৰা হয়। শুকুৰবাৰে আৱেলি বেৱছাইটটো মুকলি কৰে জিলাখনৰ উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁয়ে।

ৱেবছাইটটো মুকলি কৰি বৰগোহাঁইয়ে কয়, ‘অৱশেষত জনসাধাৰণ আৰু জিলা কাৰ্য্যালয় সমূহৰ মাজত অনলাইন যোগাযোগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল।‘

‘আমি ৱেবছাইটত জিলাখনৰ ইতিসাহ, সংস্কৃতি, ভূগোল, অৰ্থনীতি, আন্তগাঠনি আৰু প্ৰশাসন পৰিচালনা আদি সম্পৰ্কে তথ্য অন্তৰ্ভুক্ত কৰিছো‘ তেওঁ লগতে কয়।

তেওঁ আৰু কয়, ‘এই জিলা ২০১৬ চনৰ জানুৱাৰীত গঠন হৈছিল। জিলাখনৰ বিষয়ে যথেষ্ট কথা আছে যিসমূহ মানুহে জানিব লাগে।‘

উক্ত বেৱছাইটটোত প্ৰত্যেকটো বিভাগৰ সকলো যাৱতীয় তথ্য উপলব্ধ থাকিব।