লতাশিলৰ প্ৰথম শ্ৰেষ্ঠ ঢুলীয়া সন্মানপ্ৰাপক শিৱসাগৰৰ উপেন দাসৰ দেহাৱসান

Upen Das

অসমৰ এগৰাকী প্ৰখ্যাত ঢুলীয়া শিৱসাগৰৰ ৪ নং ৱাৰ্ডৰ ৰাধিকা শান্তি পথৰ নিবাসী উপেন দাসৰ ২৩ জানুৱাৰিৰ নিশা নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬১ বছৰ আছিল।

গুৱাহাটীৰ লতাশিল বিহুমঞ্চত ১৯৮২ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ঢোলবাদন প্ৰতিযোগিতাত অসমৰ ভিতৰত শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছিল উপেন দাসে। উপেন দাসৰ পৰিকল্পনাতেই বহিঃৰাজ্যত প্ৰথমবাৰৰ বাবে জাপি নৃত্য প্ৰদৰ্শন কৰা হৈছিল।

উল্লেখ্য যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে নৱ প্ৰজন্মক ঢোল আৰু খোলৰ প্ৰশিক্ষণ দিয়া উপেন দাসে মৃত্যুৰ সময়লৈকে নাপালে কোনোধৰণৰ চৰকাৰী সাহায্য। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰত তামোল পানৰ দোকান দি পৰিয়াল পোহপাল দিয়া এই গৰাকী শিল্পী বহুদিনৰ পৰাই শাৰিৰীক অসুস্থতাত ভুগি আছিল। আৰু অৱশেষত বুধবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে।

ঢোলৰ উপৰি থলুৱা বাদ্য খোল, মৃদং, পেঁপা, বাঁহী, নেগেৰা আদি বজোৱাত পাৰ্গত আছিল উপেন দাস। তেওঁ এগৰাকী সু অভিনেতাও আছিল। নাটক ভাওনাত অভিনয় কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শনযোগে প্ৰচাৰিত ভগীৰথ, ধনবৰ নামৰ দুখন টেলিফিল্মতো অভিনয় কৰিছিল।

এই গৰাকী শিল্পীয়ে বিহুৱা ডেকা নামৰ এটি শ্ৰব্য কেছেটৰো প্ৰযোজনা কৰিছিল। প্ৰতিভাৱান শিল্পীগৰাকীৰ মৃত্যুত শিৱসাগৰ জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থা, দিখৌপৰীয়া সন্মিলীত যুৱ সংঘ, শিৱসাগৰ জিলা সাংবাদিক সন্থা, আহোম ৰয়েল ছ’চাইটি, কেন্দ্ৰীয় বজাৰ ব্যৱসায়ী সন্থা, থানামুখ দৈকলঙ্গীয়া নামঘৰ পৰিচালনা সমিতি, ঐক্য তৰুণ সংঘ, উজনি অসম মুছলিম কল্যান পৰিষদকে ধৰি বহুটো সংগঠন তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।