NORTHEAST NOW (Assamese)

পশ্চিমবংগৰ বিজেপি সাংসদ লোকেত চেতাৰ্জী ক’ৰ’না আক্ৰান্ত

July 4, 2020 10:38 am · এন ই নাও নিউজ
ক'ৰ'না আক্ৰান্ত হোৱা বিজেপি সাংসদ গৰাকী

পশ্চিমবংগৰ বিজেপিৰ সাংসদ লোকেত চেতাৰ্জীৰ শৰীৰত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বিজেপিৰ সাংসদ গৰাকীয়ে টুইটাৰযোগে নিজেই ক’ৰ’নাত আক্ৰান্ত হোৱাৰ কথা ৰাজহুৱা কৰে।

আনহাতে, ক’ৰ’না আক্ৰান্ত হোৱা সাংসদ গৰাকী বৰ্তমান নিজ গৃহতে আইলেশ্যনত থাকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।

বিগত এসপ্তাহ ধৰি সাধাৰণ জ্বৰত ভূগি থকাৰ পাছত লোকেত চেতাৰ্জীয়ে ক’ৰ’নাৰ পৰীক্ষা কৰে আৰু ফলাফল প’জিটিভ আহে।

পশ্চিমবংগৰ অভিনেত্ৰী তথা সাংসদ গৰাকীয়ে অলপতে বিজেপিৰ পশ্চিমবংগ গোটৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।

বিগত ১৯ জুনত লোকেত চেতাৰ্জীয়ে সেনা জোৱান ৰমেশ ওৰাংগৰ শেষ কৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।  শুকুৰবাৰে ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখাই ৬ লাখ ২৫ হাজাৰ অতিক্ৰম কৰিছে।

Related News