অসমত ধোৱাচাঙত; পশ্চিম বংগত নিষেধাজ্ঞা ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু উৎপাদন

Tobacco selling Greater Guwahati Paan Shop Business Association says no to Gutkha, Paan Masala

প্ৰতিনিধিত্বমূলক চিত্ৰ

গুটখা আৰু পাণ মচলা জাতীয় সামগ্ৰীৰ উৎপাদন, মজুত, বিতৰণ আৰু বিক্ৰী সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰিলে পশ্চিম বংগ চৰকাৰে। এই নিষেধাজ্ঞা অহা ৭ নবেম্বৰৰ পৰা ৰাজ্যখনত কাৰ্যকৰী হ’ব।

স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত পশ্চিম বংগ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

পশ্চিম বংগ চৰকাৰৰ উপৰি কিছু দিন পূৰ্বে উত্তৰাখণ্ড চৰকাৰেও এই একে নিষেধাজ্ঞা জাৰি কৰিছিল। তদুপৰি যোৱা মাহত ৰাজস্থান আৰু তাৰ পূৰ্বে মহাৰাষ্ট্ৰ আৰু বিহাৰতো ধঁপাত জাতীয় সামগ্ৰীত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

উল্লেখিত ৰাজ্য কেইখনৰ চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰে।

উল্লেখ্য যে ভাৰতত প্ৰতি বছৰে ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত বহুতো লোগে দুৰাৰোগ্য ৰোগত আত্ৰান্ত হৈ মৃত্যু হ’ব লগীয়া হয়।

ধঁপাত জাতীয় সামগ্ৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ওপৰত উল্লেখিত ৰাজ্য কেইখনে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত প্ৰশ্ন উত্থাপন হয় অসমত কেতিয়া ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অসম চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ১০০ মিটাৰ ‌ব্যাসাৰ্ধত ধঁপাতযুক্ত সামগ্ৰীৰ ‘বিক্ৰী আৰু বিজ্ঞাপন’ বন্ধ কৰাৰ নিয়ম কৰিছিল যদিও ইয়াক অংগুষ্ঠ প্ৰদৰ্শন কৰি এতিয়াও ব্যৱস্যায়িক প্ৰতিষ্ঠান তথা ব্যৱসায়ী সকলে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিয়েই আছে।

ইয়াৰ উপৰি উল্লেখ কৰি থোৱা ভাল যে ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত উত্তৰ-পূবৰ বিশেষকৈ অসমত সৰ্বাধিক লোক কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়।