কোভিডে কালান্তক ৰূপ ধাৰণ কৰা পশ্চিমবংগত কিছু শিথিল কৰা হ’ল কোভিড বিধি

অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে।

ৰাজ্য খনত প্ৰতিদিনে কেইবা হাজাৰো লোক কোভিডত আক্ৰান্ত হোৱাৰ পিছতে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে মিনি লক ডাউন সদৃশ কেতবোৰ ঘোষণা কৰিছিল।

আজি পশ্চিমবংগৰ চৰকাৰে কোভিড বিধিৰ ক্ষেত্ৰত কিছু শিথিলতা অনা পৰিলক্ষিত হয়।

সেই মৰ্মে ৰাজ্য খনত চেলুন আৰু পাৰ্লাৰসমূহক ৫০ শতাংশ গ্ৰাহকৰ উপস্থিৰে কাম কৰিবলৈ অনুমতি দিয়া হৈছে। কৰ্তৃপক্ষই ৰাজ্যখনৰ চেলুন আৰু বিউটি পাৰ্লাৰসমূহনিশা ১০ বজালৈকে খোলা ৰাখিবলৈ অনুমতি দিছে।

চৰকাৰে প্ৰতিষ্ঠানসমূহৰ মালিকসকলক নিৰ্দেশ দিছে যাতে কৰ্মচাৰী আৰু গ্ৰাহকসকল সম্পূৰ্ণৰূপে টিকাকৰণ কৰা লোক হয়।

শুকুৰবাৰে, পশ্চিম বংগত ১৮,২১৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল।

কলকাতা চহৰত কেইবা শতাধিক চিকিৎসক কোভিডত আক্ৰান্ত হোৱাত চহৰ খনত এতিয়া ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ চিকিৎসকৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।

কলকাতা চহৰত ৭,৪৮৪ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে।

একেদৰে সমগ্ৰ ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৪১,৯৮৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

বিগত ২৪ ঘণ্টাত মৃত্যু ঘটিছে ২৮৫ টা গৰাকী লোকৰ। ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৮৩,৪৬৩ জনলৈ বৃদ্ধি পাইছে।