কেবিনেটে দিলে অনুমোদন: পশ্চিম বংগত গঠন হ’ব সাতখন নতুন জিলা

West Bengal Mamata Banerjee

পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যখনত নতুনকৈ সাতখন জিলাৰ নাম ঘোষণাৰ বাবে সাজু হৈছে।

ইতিমধ্যে কেবিনেটে নতুন জিলা গঠনৰ এই প্ৰস্তাৱটোক অনুমোদন জনাইছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এই ঘোষণা কৰিছে।

নতুনকৈ ঘোষণা কৰিবলগীয়া এই জিলাকেইখন হৈছে ক্ৰমে বঢ়মপুৰ, কান্দি, সুন্দৰবন, বছিৰহাট, ইচামতী, ৰাণাঘাট আৰু বিষ্ণুপুৰ।

আনুষ্ঠানিকভাৱে এই জিলাকেইখনৰ নাম ঘোষণা কৰাৰ পিছত ৰাজ্যখনত মুঠ জিলাৰ সংখ্যা ৩০ খনলৈ বৃদ্ধি পাব।

মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে আজি দিনৰ ভাগত সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰে। ৰাজ্যিক কেবিনেটে ইতিমধ্যে প্ৰস্তাৱটোত সন্মতি জনাইছে বুলি তেওঁ সদৰি কৰিছিল।

মূলত: প্ৰশাসনিক কাৰ্যকলাপ যাতে সূচাৰুৰূপত আৰু তড়িৎগতিত সম্পন্ন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সাতখন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।