বিজ্ঞানীৰ ডাঙৰ আৱিস্কাৰ : চাই লওঁক ৭৫ হাজাৰ বছৰ পূৰ্বে দেখিবলৈ কেনেকুৱা আছিল মহিলাৰ মুখমণ্ডল
হাজাৰ বছৰ ধৰি চলি থকা ক্ৰমবিকাশ আৰু বিৱৰ্তৰ মাজেৰে আহি আজিৰ মানুহৰ শাৰীৰিক গঠন আৰু মুখমণ্ডল সৃষ্টি হৈছে।
দেখিবলৈ কেনেকুৱা আছিল বাৰু আজিৰ পৰা ৭৫ হাজাৰ বছৰৰ মানুহ? শেহতীয়াকৈ বিজ্ঞানীসকলে নিয়াণ্ডাৰথেল যুগৰ এগৰাকী মহিলা জীৱিত অৱস্থাত কেনেকুৱা আছিল তাৰ এক আচৰিত ধৰণৰ পুনৰ্গঠন সৃষ্টি কৰিছে।
চেপেটা আৰু ভাঙি যোৱা নিয়াণ্ডাৰথেলৰ মূৰৰ খুলিৰ পৰা তৈয়াৰ কৰা হৈছে এই জীৱন্ত পুনৰ্গঠন। মূৰৰ খুলিটো উদ্ধাৰ কৰাৰ সময়ত হাড়বোৰ ইমানেই কোমল আছিল যে বিজ্ঞানীসকলে ইয়াক ‘চাহত ডুবাই থোৱা বিস্কুট’ৰ দৰে কোমল বুলি অভিহিত কৰিছিল।
নেটফ্লিক্সৰ বাবে বিবিচি ষ্টুডিঅ’ই নিৰ্মাণ কৰা তথ্যচিত্ৰ ছিক্ৰেটছ অৱ দ্য নিয়াণ্ডাৰথেলছত এই মুখমণ্ডল প্ৰদৰ্শিত হৈছিল। তথ্যচিত্ৰখনত ৪০ হাজাৰ বছৰৰ আগতে বিলুপ্ত হোৱা মানুহৰ বিৱৰ্তনৰ সংগী নিয়াণ্ডাৰথেল সম্পৰ্কে ধাৰণা প্ৰদৰ্শন কৰা হৈছে।
উল্লেখ্য যে ইৰাকৰ কুৰ্দিস্তানৰ শ্বানিদাৰ গুহাত উদ্ধাৰ হৈছিল এই নিয়াণ্ডাৰথেলৰ মূৰৰ খুলি। ১৯৫০ চনত এই গুহাটোৰ পৰা কমেও ১০ গৰাকী নিয়াণ্ডাৰথেল মহিলা, পুৰুষ আৰু শিশুৰ অৱশিষ্ট উদ্ধাৰ কৰা হয়।
২০১৫ চনত কুৰ্দিস্তানৰ কৰ্তৃপক্ষই ব্ৰিটিছ প্ৰত্নতাত্ত্বিক দল এটাক আমন্ত্ৰণ জনাইছিল। তেতিয়াই তেওঁলোকে মহিলাগৰাকীৰ কংকালটো উদ্ধাৰ কৰিছিল। কংকালটোক শনিদাৰ জেড হিচাপে নামকৰণ কৰা হৈছিল।
বিজ্ঞানীসকলৰ মতে, সুদূৰ অতীতৰ কোনোবা এটা সময়ত ওপৰৰ পৰা খহি পৰা শিলৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছিল।
স্থানীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে মূৰৰ খুলিৰ কিছু অংশ ব্ৰিটেইনলৈ অনা হৈছিল।
পৰৱৰ্তী পদক্ষেপত প্ৰায় এবছৰ সময়ৰ অন্তত ডাচ শিল্পী এড্ৰি আৰু আলফন্স কেনিছে ইয়াৰ ওপৰত প্ৰলেপ দি এক জীৱন্ত নাৰীৰ মুখমণ্ডল তৈয়াৰ কৰিছিল।