লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতিৰ সম্পৰ্কত কি ক’লে স্থলসেনা প্ৰধান জেঃ মনোজ মুকন্দই?

image.jpg90

লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘাত নিৰসনৰ বাবে যোৱা শনিবাৰৰ পৰা ভাৰত আৰু চীনা সৈন্যৰ মাজত অবিৰত বৈঠক চলি থকাৰ সময়তে ভাৰতী স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰবনে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি মন্তব্য কৰিছে।

স্থলসেনা প্ৰধান গৰাকীৰ মতে কামাণ্ডাৰ পৰ্যায়ৰ মাজত অব্যাহত থকা বৈঠকত ভাৰত আৰু চীন দুই দেশেই বিবদমান ঠাইৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে।

সীমান্তত দুই পক্ষৰ মাজত সৃষ্টি হোৱা বিবাদ ফলপ্ৰসূভাৱে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থলসেনা প্ৰধান নৰবনে।

মে’ মাহৰ প্ৰথমভাগৰ পৰাই উত্তৰ ছিকিমৰ পৰা লাডাখলৈকে চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা(এ অ’ চি)ৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ভাৰতীয় সেনাই।

ইয়াৰ পিছতে গালোৱান উপত্যকা, পাংগংসহ একাধিক অঞ্চলত ভাৰত আৰু চীনে সেনা সমাৱেশ কৰাৰ ফলত সীমান্তৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে।

কিন্তু এতিয়া ভাৰতীয় সেনাৰ তৰফৰ পৰা লাডাখ সীমান্তৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে বুলি দাবী কৰি অহা হৈছে।

স্থলসেনা প্ৰধানগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান এন আই এ-ক কয়, ‘মই সকলোকে আশ্বস্ত কৰিছো, চীনৰ সৈতে সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। ধাৰাবাহিকভাৱে আমাৰ আলোচনা চলিছে। দুয়োপক্ষৰ ক’ৰ-কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক আৰম্ভ হৈছিল আৰু কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক আগুৱাই নিয়া হৈছে।’

সেনা প্ৰধানগৰাকীয়ে আৰু কয়, ‘এই বৈঠকৰ সিদ্ধান্ত মৰ্মে দুই দেশে বহু সৈন্য ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে। আমি আশাবাদী, আলোচনাৰ মাধ্যমেৰে আমাৰ (ভাৰত-চীন) মাজত সৃষ্টি হোৱা সমস্ত মতভেদ দূৰ কৰিব পাৰিম।’

উল্লেখ্য যে শুকুৰবাৰে ভাৰত আৰু চীনৰ মাজত পঞ্চম লানি মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক হৈ যায়।

চীন সীমান্তৱৰ্তী পূৱ লাডাখৰ বৰ্তমানৰ পৰিস্থিতিৰ সম্পৰ্কে ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক জনোৱা হৈছে বুলি জনাইছে স্থলসেনা প্ৰধান নৰবনে।

সংবাদ প্ৰতিষ্ঠান এন আই এ-ৰ এক সূত্ৰৰ মতে দুই দেশৰ এই বিবাদ আলোচনাৰ দ্বাৰাই সমাধান কৰাতো বিচাৰিছে নতুন দিল্লীয়ে।

খবৰ অনুসৰি চীন সৈন্যৰ এটা বিশাল বাহিনী ইতিমধ্যে তিনি কিলোমিটাৰ পিছুৱাই গৈছে আৰু ভাৰতেও চীনক দেখুৱাই কিছু সেনা সীমান্তৰ পৰা প্ৰত্যাহাৰ কৰিছে।