“চিক্স পেক মানেই সুস্বাস্থ্য নহয়’’ : বিশ্ব স্বাস্থ্য দিৱসৰ দিনা কি পৰামৰ্শ দিলে অভিনেতা চনু চুডে?

আজি বিশ্ব স্বাস্থ্য দিৱস। সুস্বাস্থ্য সম্পৰ্কে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ৭ এপ্ৰিলত এই দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত স্বাস্থ্য সম্পৰ্কে এক বিশেষ বাৰ্তা দিলে অভিনেতা চনু চুডে। অভিনয় বা আন আন সামাজিক কামেৰে তেওঁ যেনেকৈ বহুতকে অনুপ্ৰাণিত কৰিছে, তেনেদৰে চনু চুডৰ শৰীৰ চৰ্চাও বহুতৰ বাবে প্ৰেৰণাৰ উৎস।

বিশ্ব স্বাস্থ্য দিৱসৰ দিনা চনু চুডে কয় , কেৱ্ল জিমলৈ যোৱাটোৱেই সুস্বাস্থ্যত গুৰুত্ব দিয়া নুবুজায়। সুস্বাস্থ্যৰ অৰ্থ কেৱল চিক্স পেক বনোৱা নহয়।”

লগতে চনু চুডে কয়, ‘‘মই কলেজত পঢ়ি থাকোঁতে মোৰ পেশী বেছি নাছিল। কিন্তু চেষ্টা কৰিলোঁ। মই যেতিয়া সিদ্ধান্ত লৈছিলো যে মই অভিনেতা হম, তেতিয়া মই গম পাইছিলো যে মই ইয়াৰ বাবে ফিট হ’ব লাগিব। নাগপুৰত থাকোঁতে বডি বিল্ডিং আৰম্ভ কৰিছিলোঁ। আৰু সেইদিনাৰ পৰা আজিলৈকে মই কেতিয়াও ব্যায়াম কৰিবলৈ এৰা নাই। প্ৰতিদিনে মই জিমলৈ যাওঁ। কিন্তু সুস্বাস্থ্য সদায় পেশী বা এবছৰ দ্বাৰা জুখিব নোৱাৰি।”

তেওঁ লগতে কয়, ‘ফিটনেছ কেৱল শাৰীৰিক নহয়। মানসিকও। শৰীৰ ফিট হ’লে কৰ্ম শক্তি বৃদ্ধি পায়। মানসিক ফিটনেছ, আৱেগিক স্বাস্থ্যৰ প্ৰতিও চকু ৰখাটো গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ দিনত মানসিকভাৱে সুস্থ হোৱাৰ লগতে শাৰীৰিকভাৱেও সুস্থ হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।’