• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী হিচাবে হিমন্তৰ সন্মুখত কি কি প্ৰধান প্ৰত্যাহ্বান? কেনেকৈ চম্ভালিব এই প্ৰত্যাহ্বান?

কাম নকৰাকৈ ধন দিয়াৰ সলনি প্ৰত্যেককে কাম কৰাৰ সুবিধা কৰি দিয়াটোহে সময়ৰ দাবী

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
May 11, 2021 9:06 am
ppty

ফাইল ফটো

758
VIEWS
Share on FacebookShare on Twitter

সমস্যাজৰ্জৰ ৰাজ্য অসমত শেহতীয়াকৈ ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰিছে। এনে সময়তে ৰাজ্যত এখন নতুন চৰকাৰে আজি শপতগ্ৰহণ কৰিছে। যদিও ৰাজ্য শাসনৰ দায়িত্ব মূৰ পাতি লোৱা চৰকাৰ খন পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনেই হৈ আছে তথাপি চৰকাৰ খনত এইবাৰ এক আমূল পৰিৱৰ্তন হৈছে।

সেয়া হৈছে পূৰ্বৰ চৰকাৰৰ স্বাস্থ্য-শিক্ষা আদি দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে। এগৰাকী কেবিনেট মন্ত্ৰী হিচাবে সেয়ে হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰ সমূহত যেনে ধৰণৰ দায়িত্ব চম্ভালিছিল তাতকৈ অধিক দায়িত্ব তেওঁ মুখ্যমন্ত্ৰী হিচাবে পালন কৰিব লাগিব।

অৱধাৰিত ভাবে সেয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মূৰত দায়িত্ব আৰু সমস্যাৰ বোজা অধিক।

মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই সন্মুখীন হোৱা প্ৰথম আৰু প্ৰধান প্ৰত্যাহ্বানটোৱেই হৈছে কোভিডৰ সংক্ৰমণ।সৌসিদিনালৈ স্বাস্থ্যমন্ত্ৰীৰ পদত থাকোতে হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছিল যে অসমত যদি এদিনত ১০  হাজাৰকৈ লোক কোভিডত আক্ৰান্ত হ’বলগীয়া হয় তেন্তে ৰাজ্যৰ পৰিস্থিতি দিল্লীৰ দৰে বিষম হৈ পৰিব।

দিল্লীত যিদৰে চিকিৎসালয়ৰ বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱত মানুহৰ মৃত্যু ঘটিছে, অসমতো তেনে পৰিস্থিতিৰেই আশংকা কৰা হৈছে। এনে পৰিস্থিতি ৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই কেনে পদক্ষেপ ল’ব পাৰিব বাৰু?কেৱল কোভিড চেণ্টাৰ, চিকিৎসালয়, শ্মশান পৰিদৰ্শনৰ জৰিয়তেই কোভিড ৰোধ কৰিব পৰা নাযাব।

অসমৰ অৱস্থা দিল্লীৰ দৰে হোৱাৰ পৰা বচাবলৈ মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ দুৰ্যোগ প্ৰশমন পুঁজি অথবা আন পুঁজিৰ পৰা অধিক ধন সৰকাই আনিব পাৰিব লাগিব। স্বাস্থ্যমন্ত্ৰী হিচাবে এই ক্ষেত্ৰত তেওঁৰ কিছু সীমাবদ্ধতা আছিল যদিও মুখ্যমন্ত্ৰী হিচাবে সেই সীমাবদ্ধতাৰ পৰা তেওঁ নিশ্চয়কৈ মুক্ত।সেয়ে এই ক্ষেত্ৰত সকলোৱে তেওঁৰ ওপৰতেই ভৰসা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আহি পৰা দ্বিতীয় প্ৰত্যাহ্বান হিচাবে নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ সমস্যাৰ কথা ধৰিব পাৰি। পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ যোগান মন্ত্ৰীগৰাকীৰ সোপাঢিলা নীতিৰ বাবেই বজাৰত সামগ্ৰীৰ দাম হোৰাহোৰে বাঢ়িল। এই কথা সকলোৱে স্বীকাৰ কৰিব।

মুখ্যমন্ত্ৰী হিমন্তই ৰাজ্যৰ বজাৰ নিয়ন্ত্ৰণ কৰা ফাঁচী বজাৰৰ মজুতকাৰী আৰু ক’লা বেপাৰীক নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যোগান বিভাগৰ দায়িত্বত তেওঁৰ দৰেই এজন সক্ৰিয় মন্ত্ৰীক অধিষ্ঠিত কৰাটো উচিৎ হ’ব।

তৃতীয় তথা গুৰুতৰ সমস্যা হৈছে নিৱনুৱা সমস্যা।এয়া কেৱল অসমৰেই সমস্যা হৈ থকা নাই, সমগ্ৰ দেশ আৰু বিশ্বৰে সমস্যা। অসমত নিৱনুৱাৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্তই এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব যিবোৰে নিৱনুৱা যুৱক-যুৱতীসকলক পোণপটায়াকৈ উপকৃত কৰিব।

অসমত বছৰ বাগৰাৰ লগে লগে শিক্ষিত নিবনুৱাৰ সংখ্যাও লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।অসম বিধানসভাতে বিজেপি দলৰ পৰাই নিৰ্বাচিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এটা সময়ত  দিয়া তথ্য অনুসৰি ২০১৬ চনৰ পৰা ২০১৯ চনৰ জুন মাহৰ ভিতৰত অসমত বৃদ্ধি পোৱা নিবনুৱাৰ সংখ্যা হৈছে ৭৩,০০৭ গৰাকী।

মন্ত্ৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি ২০১৯ চনৰ জুন মাহ পৰ্যন্ত অসমত পঞ্জীয়নভূক্ত নিবনুৱাৰ সংখ্যা হৈছিল ১৭,১৫,৭৫৯ গৰাকী।আজিৰ তাৰিখত সেই সংখ্যা আৰু বৃদ্ধিহে পাইছে।

২০১৬ চনলৈকে অসমত পঞ্জীয়নভূক্ত নিৱনুৱাৰ সংখ্যা আছিল ১৬,৪২,৭৮১ গৰাকী।২৬ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ কাৰ্যকালতে ২০১৮ চনত অসমত নিবনুৱাৰ সংখ্যা হৈছিলগৈ ১৬,৯৯,৯৭৭ গৰাকী আৰু ২০১৯ চনৰ জুন পৰ্যন্ত এই সংখ্যা হৈছিল গৈ ১৭,১৫,৭৫৯ গৰাকী।

নিৱনুৱাৰ বাবে সময়ে দাবী কৰা সৰু সৰু উদ্যোগ গঢ়িব লাগিব,জঞ্জালবিহীন ঋণ প্ৰদান কৰিব লাগিব আৰু এয়া নিশ্চিত কৰিব লাগিব যাতে কোনেও সেই ঋণৰ ধনেৰে মটৰ চাইকেল ক্ৰয় অথবা আন কোনো বিলাসত খৰচ কৰা নাই।

কোনো লোককে কাম নকৰাকৈ ধন দিয়াৰ সলনি প্ৰত্যেককে কাম কৰাৰ সুবিধা কৰি দিব লাগিব। কাম নকৰাকৈ একাউণ্টত ধন সোমালে ৰাজ্যৰ বহু লোক এলেহুৱাহে হ’ব।

বান-গৰাখহনীয়াৰ সমস্যা সমাধানৰ বাবে এনেবোৰ দপ্তৰত যিসকল মন্ত্ৰী থাকিব তেওঁলোকৰ কাম-কাজত নজৰ ৰাখিব লাগিব। ঠিকা আৱণ্টন যাতে মন্ত্ৰীৰ অঙহী বঙহীৰ মাজতে সীমাৱদ্ধ নাথাকে সেই বিষয়ত গুৰুত্ব দিব লাগিব।আধৰুৱা হৈ থকা মথাউৰিৰ কাম সম্পূৰ্ণ কৰিব লাগিব, তাকো বাৰিষাৰ পূৰ্বেই। নহ’লে প্ৰতিটো বাৰিষাতে ৰাজ্যৰ বহুলোক পানীৰ তলতে থাকিবলগীয়া হ’ব।

অসমৰ জাতীয় জীৱনৰ সৈতে জৰিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগত আজি সংবাদমেলত হিমন্ত বিশ্বই কোৱা কথা খিনি সকলোৰে গ্ৰহণযোগ্য হ’ব বুলি ধাৰণা কৰিব পাৰি।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈ বহু ৰাজনীতি হ’ল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক ৰাজনীতিৰ নাগপাশৰ পৰা উলিয়াই আনি সমাধানৰ পথ দেখুৱাব পাৰিব লাগিব।আৰু তাতেই প্ৰতিপন্ন হ’ব মুখ্যমন্ত্ৰী হিচাবে বিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা তথা বিচক্ষণতা।

Recent News

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd