• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

কেজৰিৱাল আৰু মানে গুৱাহাটীত কি ক’লে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 5, 2023 3:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ নেতা কেজৰিৱালে গুৱাহাটীৰ জনসভাত কি ক’ব সেইটো জানিবলৈ বহুতেই উদগ্ৰীৱ আৰু উৎকন্ঠিত হৈ আছিল।কেজৰিৱাল আহিল।ভাষণ দিলে।লগতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত সিং মানো আহিল।ভাষণ দিলে।কেজৰিৱাল আৰু মানৰ ভাষণত আমি কিবা এটা নতুন ৰাজনৈতিক দৰ্শন বা দৃষ্টিকোণৰ আভাস পালোঁনে? তাৰ আগতে আমি নিজকে সোধা উচিত আজি আমাৰ দেশৰ মূল সনস্যা কি? এতিয়া আমাৰ দেশখনে সন্মুখীন হোৱা মূল সংকট তিনিটা – আইনৰ শাসনৰ অৱনতি, সাম্প্ৰদায়িক বিভাজন আৰু অৰ্থনৈতিক দুৰৱস্থা।আমি আপৰ নেতা দুজনৰ ভাষণত এই তিনিটা সমস্যাৰ বিষয়ে কিবা শুনিলোঁনে? তেওঁলোক দুজনৰ ভাষণৰ কোন কেইটা কথাই শ্ৰোতা-দৰ্শকৰ মন মুহিছিল? বোধহয়, শিক্ষাৰ ক্ষেত্ৰত কেজৰিৱালে কোৱা কথা এষাৰ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত মানে কোৱা কথা এষাৰ মানুহে তেতিয়াও সহজে নাপাহৰিব।দিল্লী চৰকাৰে দিল্লীৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো টনকীয়াল কৰিবলৈ কেতবোৰ ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ কথাটো সকলোৱে জানে।কিন্তু, আমাৰ ইয়াত কি হৈ আছে আমি দেখিছোঁ।পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ কিবা নহয় কিবা খেলিমেলিৰ কথা সদায় প্ৰচাৰ মাধ্যমত ওলায়ে আছে।এফালে শিক্ষা বিভাগৰ এই খেলিমেলি আৰু আনফালে মুখ্যমন্ত্ৰীৰ পত্নীৰ অত্যাধুনিক লাখ টকীয়া মাছুলৰ স্কুল।এই কথাটো ৰাইজৰ মনৰ কথা।কেজৰিৱালে কোৱা এই কথাটো দৰ্শকে হৰ্ষোল্লাসেৰে আদৰণি জনাইছিল। আৰু মানে ক’লে ‘যি দেশৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিক্ষাৰী’। বৰ গাজত লগা কথা।কথাষাৰ দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য, অসমৰ ক্ষেত্ৰততো কথাই নাই।আমাৰ ৰাজ্যৰ সকলো বাণিজ্য,বেপাৰ এতিয়া শাসকীয় দলৰ ৰাজনীতিকৰ কব্জাত নহয় জানো ? চাৰিওফালে চিণ্ডিকেট ৰাজ। কিন্তু, এই কথা দুটাৰ বাহিৰে অসমত আইনৰ শাসনৰ কি অৱস্থা সেই বিষয়ে কেজৰিৱালে একো নক’লে। বাল্য বিবাহৰ নামত কি হৈছে, পুলিছ এনকাউন্টাৰত কিমান মানুহে প্ৰাণ হেৰুৱাইছে সেই বিষয়েও কেজৰিৱালে একো নক’লে।মানুহৰ মাজত সাম্প্ৰদায়িক বিভাজন কৰি বিজেপিয়ে ইয়াত কেনেকৈ ভোটৰ, কেৱল ভোটৰ ৰাজনীতি কৰি আছে সেই বিষয়েও কেজৰিৱাল মনেমনে থাকিল।কেন্দ্ৰৰ বিজেপি চৰকাৰে যে এফালৰ পৰা দেশৰ সম্পদ বিক্ৰী কৰি গৈ আছে আৰু তাত যে অসম চৰকাৰেও উজান দিছে সেই কথাও তেওঁ নক’লে।এটা ভাষণত সকলো কথা কোৱাটো অসম্ভৱ।কিন্তু জলন্ত কথা কিছুমানত নীৰৱহৈ থাকিলে মানুহৰ মনত সন্দেহ ওপজিব পাৰে।

কেজৰিৱাল আৰু মানে তেওঁলোকৰ ভাষণত মূলতঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।তেওঁলোকে কোৱা প্ৰতিটো কথাৰ প্ৰতি আম আদমী পাৰ্টিৰ সদস্য আৰু সমৰ্থক সকলে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই, সুহুৰিয়াই তেওঁলোকক উৎসাহ আৰু উদগনি জগাইছিল আৰু নিজেও অনুপ্ৰাণিত আৰু শিহৰিত হৈছিল।সমৰ্থক, দৰ্শকৰ মনোভাব বুজি তেওঁলোকে ভাষণ দিছিল।হয়তো নিজৰ দলৰ সদস্য আৰু সমৰ্থক সকলক উৎসাহিত কৰাৰ উদ্দেশেই দুয়োজন বক্তাই তেনে জনপ্ৰিয় কৌশল অৱলম্বন কৰিছিল।

Apply Now

অসমত আম আদমী পাৰ্টিৰ লগত, বিকল্প ৰাজনীতিৰ অনুসন্ধান কৰা এচাম যুৱক-যুৱতী জড়িত হৈ আছে।তেওঁলোকে কেজৰিৱাল আৰু মানৰ ভাষণত কিবা বিকল্প ৰাজনৈতিক দৰ্শনৰ ইংগিত পালেনে? এতিয়া জনমুখী ৰাজনীতিৰ বাবে সকলোকে সামৰি লোৱা এক বহল ৰাজনৈতিক দৰ্শন আৰু পেক্ষাপটৰ প্ৰয়োজন নাই জানো? আৰু এটা কথা। বোধহয়, অসমৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত কেজৰিৱাল আৰু মানক তেওঁলোকৰ অসমৰ সতীৰ্থ সকলে ৰাজ্যখনৰ বাস্তৱ পৰিস্থিতি বনাম চৰকাৰী হস্তক্ষেপ সম্পৰ্কে আৰু অলপ ভালকৈ অবহিত কৰা উচিত আছিল।

বিৰোধ ঐক্যৰ প্ৰশ্নটোত কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ ভূমিকা কি হ’ব? ভাৰতৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে কিছুমান সীমাবদ্ধতা আছে। বিজেপিৰ নিৰ্ভৰযোগ্য বিকল্প হিচাপে এতিয়া কোনো এটা ৰাজনৈতিক দল নাই।কিন্তু আইনৰ শাসনৰ অৱনতি, সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিস্তাৰ আৰু দেশৰ শোচনীয় অৰ্থনৈতিক অৱস্থা- আমাৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।এই তিনিটা সমস্যাই দেশৰ বিৰোধী ৰাজনৈতিক দল বোৰক এক কৰা উচিত।সৌ সিদিনা লোকসভাৰ পৰা ৰাহুল গান্ধীৰ সদস্যতা ৰদ কৰাৰ পাছত, মমতা বেনাৰ্জী আৰু কেজৰিৱালে যি ভাষাত কথা কৈছিল, সি বিৰোধী শিবিৰত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছিল।কেজৰিৱাল যে বিৰোধীৰ এটি শক্তিশালী কন্ঠ তাত কোনো সন্দেহ নাই।কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দোষ-দুৰ্বলতা আঙুলিয়াই দিয়াৰ লগতে ভৱিষ্যতৰ বিৰোধী ঐক্যৰ এক ৰূপ ৰেখা দাঙি ধৰা হ’লে, আম আদমীৰ সদস্য-সমৰ্থক সকলৰ উপৰিও বি জেপি বিৰোধী অন্য ৰাজনৈতিক শিবিৰৰ কাৰণেও কেজৰিৱালৰ গুৱাহাটী ভ্ৰমণ যথেষ্ট আশাব্যঞ্জক হ’লহেঁতেন।কিন্তু, সেইটো আমি দেখা নাপালোঁ।ঝাৰুৰ ছবিত ভোট দিয়াৰ কথা কৈয়ে কেজৰিৱালে নিজৰ ভাষণ সামৰি থ’লে।কেজৰিৱাল আৰু মানৰ গুৱাহাটী ভ্ৰমণ আৰু ভাষণৰ সীমাবদ্ধতা তাতেই।সমুখ সমৰ ২০২৪ চন।এই সমৰ, ঐক্যবদ্ধহৈ নুযুঁজিলে পাৰ্টি বাদ, আম আদমীয়ে অথাউনি পানীত ককবকাই থাকিব নালাগিবনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd