• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২ বছৰীয়া মুখ্যমন্ত্ৰীয়ে পাহৰিলে কি কি? চকীত বহাৰ আগে-পাছে কোৱা বহু প্ৰতিশ্ৰুতি চুড়ান্ত বিফল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 3:10 pm
4.5k
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ বাৰু মনত আছে নে শাসনভাৰ হাতত লৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল । দুবছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ চৰকাৰ। তথা অসমত বিজেপি চৰকাৰৰ সাতটাকৈ বছৰ সম্পূৰ্ণ কৰিলে। বহু প্ৰতিশ্ৰুতি দিলে বহু প্ৰতিশ্ৰুতি জনতাই শুনিলে…. কিছুমান পূৰণ কৰিলে কিছুমান আংশিকভাৱে পূৰণ কৰিলে… তাৰ বিপৰীতে বহু প্ৰতিশ্ৰুতিয়েই এতিয়া প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল।

প্ৰথমতে আহিছো অসমক ভাৰতৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰোৱাটো। অন্তৰ্ভুক্ত নিশ্চয়কৈ হৈছে….. কিন্তু কিহত পঞ্চম স্থানত অন্তৰ্ভুক্ত হ’ল অসম? নিশ্চয়কৈ দৰিদ্ৰ ৰাজ্যসমূহৰ ভিতৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম। কোনো এৰা গেৰা সংস্থা বা প্ৰতিষ্ঠানে এই তথ্য দিয়া নাই। লোকসভাৰ মজিয়াত ২০২২ চনৰ ডিচেম্বৰ মাহত এই তথ্য দিছিল সেই সময়ৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে। তেওঁ দাখিল কৰা তথ্যত এই কথা পোহৰলৈ আহিছে। শ্ৰেষ্ঠত্বৰ দৌৰত নহয়….  দৰিদ্ৰতাৰ দৌৰত ভাৰতৰ ৩৬ খন ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমে। ভাৱক হিমন্ত বিশ্ব চৰকাৰৰ এয়া সফলতা নে চুড়ান্ত বিফলতা? নীতি আয়োগে প্ৰকাশ কৰা দৰিদ্ৰতাৰ তালিকাত দৰিদ্ৰতাৰ ফালৰ পৰা শীৰ্ষৰ স্থান লাভ কৰিছে অসমে। ই কেনে এক ভয়ংকৰ কথা হ’ব পাৰে? অসমৰ ৩২.৬৭ শতাংশ লোক দৰিদ্ৰতাৰ কৰাল গ্ৰাসত। আনকি উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ভিতৰত অসমেই আটাইতকৈ দৰিদ্ৰ ৰাজ্য হিচাপে স্থান লাভ কৰিছিল।

মাজতে আৰু কেইটামান তথ্য প্ৰকাশ পাইছিল… তাৰ ভিতৰত শিশুৰ মৃত্যুৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ভিতৰত তৃতীয়।

প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। Drop out অৰ্থাৎ আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। সৰ্বভাৰতত অসমঅপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ভিতৰত ষষ্ঠ ।

অৰ্থাৎ মূল প্ৰতিশ্ৰুতি অসমক ভাৰতৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰোৱাটো সম্পূৰ্ণ বিফল হৈছে।

দ্বিতীয়তে আহিছো…. এবছৰৰ ভিতৰত ১ লাখ নিযুক্তি দিম বুলি হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিৰ প্ৰসংগলৈ। স্বচ্ছ-নিকা আৰু যোগ্যতাৰ ভিত্তিত একোটা পদৰ বিপৰীতে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে চাকৰি দিয়াটো প্ৰতিখন চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। এইগৰাকী মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰতে ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দি সম্পূৰ্ণ কৰিম বুলি সদম্ভে ঘোষণা কৰা নাছিল নে? আনকি বছৰি ২ লাখকৈ আগন্তুক পাঁচ বছৰৰ ভিতৰত দহ লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ কথাও ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। 

কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি দুবছৰত মাত্ৰ ৮১ হাজাৰ নিযুক্তিহে দিছে তেওঁৰেই নেতৃত্বাধীন এইখন বিজেপি চৰকাৰে। এইজন হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ পূৰ্বে বিজেপি চৰকাৰ আহিলে ২৩ লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিম বুলি সদম্ভে ঘোষণা কৰিছিল।

কিন্তু এই সকলোবোৰ প্ৰতিশ্ৰুতি অসাৰ বা চৰকাৰখনৰ বিফলতাই নহয় নে? মাজতে স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ব্যাপক অভাৰলেপিঙৰ সমস্যা নিশ্চয়কৈ আপোনালোকে দেখা পাইছিল। আনকি একোজন প্ৰাৰ্থীয়ে ৩১ টা, ৪৫ টা পদত উত্তীৰ্ণ হৈছিল। একোজন প্ৰাৰ্থীয়ে যে ইমানকেইটা পদত উত্তীৰ্ণ হ’ল তেওঁটো এটা পদতহে চাকৰি কৰিব… বাকী খালী হৈ থকা পদকেইটাৰ বাবে Waiting List ও ৰখা নাই বা নতুনকৈ অন্তৰ্ভুক্তিৰো ব্যৱস্থা ৰখা নাই। বিৰোধী বিধায়ক অখিল গগৈয়ে কোৱাৰ দৰে নিবনুৱা নিযুক্তিবোৰ নাইকিয়া হৈ গ’ল নেকি? এই নিয়মীয়া চাকৰিসমূহকো ১ লাখত অন্তৰ্ভুক্তি কৰি দি নতুন নিযুক্তি দেখুৱাব বিচাৰিছে নেকি এইখন চৰকাৰে।

এতিয়া আহিছো মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰসংগলৈ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল এনেধৰণৰ যে…. পুনৰ এবাৰ শাসনলৈ আহিলে ২৬ লাখ মহিলাক মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু নিৰ্বাচনো গ’ল, মুখ্যমন্ত্ৰীও হ’ল…. আৰু প্ৰতিশ্ৰুতিও হৈ পৰিল অসাৰ….. মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰাৰ পাছতেই ওলোটা খৰ মাৰি সাতটা চৰ্ত সাপেক্ষেহে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই কৰাৰ সিদ্ধান্ত ল’লে এইগৰাকী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। যাৰ ফলত তেওঁ সদম্ভে ঘোষণা কৰা বা ৰেকৰ্ড কৰি ল’বলৈ দিয়া প্ৰতিশ্ৰুতিও বুমেৰাঙত পৰিণত হ’ল।

মিছন বসুন্ধৰা-২ ৰ জৰিয়তে ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই।

 কিন্তু এই প্ৰতিশ্ৰুতিও বুমেৰাঙত পৰিণত কৰি মিছন বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা প্ৰদান নকৰাকৈয়ে শিলসাকোৰ লগতে বটদ্ৰৱাত একাংশ খিলঞ্জীয়া লোককে উচ্ছেদ চলাই গৃহহীন কৰিলে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বৰ্তমানলৈকে তেোঁলোকে লাভ কৰা নাই ভূমি বা মাটিৰ পট্টা। 

 প্ৰশ্ন হৈছে, ম্যাদী পট্টা নথকা ভূমিহীন লোকক কিয় হঠাৎ উচ্ছেদ কৰা হ’ল? মিছন বসুন্ধৰাৰ আৰম্ভণিতে ফ্লপশ্ব’ হোৱাৰ দিশে নেকি? ভূমিহীনক মিছন বসুন্ধৰাৰ সুযোগ দিয়াৰ পৰিৱৰ্তে উচ্ছেদ কিয়?

 ধৰিত্ৰী Appত আবেদন কৰিবলৈ সুযোগ দিয়া হৈছিল নে উচ্ছেদিতক? যদি নহ’ল এয়া সঁচাকৈয়ে ন্যায়সংগত নে? মিছন বসুন্ধৰাৰ প্ৰতিশ্ৰুতি পূৰণতো এতিয়া চুড়ান্তভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।

 কিন্তু ঋণ লোৱাৰ ক্ষেত্ৰত এতিয়া অভিলেখ গঢ়িছে হিমন্ত বিশ্ব শৰ্মাই। এক হিচাপ দাঙি ধৰিলো…. দেশৰ স্বাধীনতা অৰ্থাৎ ১৯৪৭ চনৰ পৰা ২০১৬ চন পৰ্যন্ত সুদীৰ্ঘ ৬৯ বছৰত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ প্রথমখন চৰকাৰ গঠন হোৱালৈকে অসমৰ মুঠ খণ আছিল ৪১,৯৬৪ কোটি টকা। কিন্তু বিজেপি ক্ষমতালৈ অহাৰ পিচত ৭ বছৰতে অসমৰ ঋণৰ পৰিমাণ হ’লগৈ ৯১,৩০৯ কোটি টকা।

ইয়াৰে সৰ্বানন্দ সোণোৱালে লৈছিল মুঠ ৪৮,৮০১ কোটি টকাৰ ঋণ। আৰু হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ দুবছৰতে ঋণ ল’লে ৪২,৫০৮ কোটি টকা। আনফালে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কাৰ্যকালৰ তৃতীয়টো বৰ্ষত, অৰ্থাৎ

২০২৩-২৪ চনত ল’বলগীয়া ঋণৰ পৰিমাণ ২৫,০৫২ কোটি টকা। চলিত বিত্তীয় বৰ্ষত এপ্ৰিলৰ পৰা এতিয়ালৈকে ঋণ লৈছে ২,০০০ কোটি টকা। আজিৰ দিনটোত অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে ১,৩৩,২৭৩ কোটি টকা

 এইদৰে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ সৰ্বকালৰ ঋণগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে নিশ্চয়কৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সফলতাতকৈও কৈ থাকো মানে ওৰকে নপৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন বিজেপি চৰকাৰৰ বিফলতাৰ কথা।  এইজন মুখ্যমন্ত্ৰীয়েই শাসনলৈ আহি NRC উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কি প্ৰক্ৰিয়ায়ে পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰিব তাৰো এক হিচাপ দাঙি ধৰিছিল। 

কিন্তু এতিয়া সকলো ফুটুকাৰ ফেনত। যোৱা দুটা বছৰে হিমন্ত চৰকাৰে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে কোনো কামেই হাতত লোৱা পৰিলক্ষিত নহ’ল। অন্য এক প্ৰতিশ্ৰুতি আছিল ৩০ লাখ পৰিয়ালৰ অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকালৈ বৃদ্ধি কৰা। কিন্তু এতিয়ালৈকে ১২৫০ টকা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে হিতাধিকাৰীয়ে। অৰ্থাৎ সেই প্ৰতিশ্ৰুতিও পূৰণ নহ’ল হিমন্ত বিশ্ব শৰ্মাৰ শাসনত।

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি, অসম চুক্তিৰ ৬ নং দফাৰ সফল ৰূপায়ণ, ব্ৰহ্মপুত্ৰ খনন, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্স প্ৰেছ হাইৱে নিৰ্মাণ এইবোৰ প্ৰসংগ বাৰম্বাৰ উচ্চাৰিত হৈ আহিছে…. আৰু সেয়াও ফুটুকাৰ ফেনত পৰিণত হ’ল… অৰ্থাৎ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে বিফল,,, সেয়েহে বহলাই নকওঁ এই সন্দৰ্ভত।

কিন্তু এটা কথা মন কৰিব লাগিব… দুৰ্নীতিৰ বিৰুদ্ধে কিছু কিছু ক্ষেত্ৰত কঠোৰ স্থিতি লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ঘোচ লৈ থকা অৱস্থাতে বহু বিষয়া কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। কিন্তু তাতো আকৌ প্ৰশ্নবোধক বা কিন্তু এটা বিচাৰি পাইছে আম আদমী পাৰ্টীয়ে। আপে প্ৰকাশ কৰি উলিওৱা ব্যৰ্থতাৰ ৭ বছৰ শীৰ্ষক পুস্তিকাত উল্লেখ থকা এই শাৰীকেইটা পঢ়ি দিছো… কেইজনমান দুৰ্নীতিগ্ৰস্ত মণ্ডল আৰু মাটি দালালক গ্ৰেপ্তাৰ কৰি যে ভূমিৰ নিচিনা জটিল সমস্যাটো সমাধান কৰিব পৰা নাযায় সি ইতিমধ্যে প্ৰমাণিত হৈছে|খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ 29 বিঘাৰো অধিক ভূমি কেলেংকাৰীৰ তথ্য সবিস্তাৰে প্ৰকাশিত হৈছে…শাসনাধিস্থ দলৰ বহু নেতা বিধায়ক ভূমি সংক্ৰান্তীয় বেমেজালিত জড়িত হৈ থকাটো প্ৰমাণিত হৈছে|

কথাই প্ৰতি গৃহ নিৰ্মাণৰ বিধি সমূহৰ দোহাই দিয়া গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালৰ পুত্ৰৰ মালিকানাধীন প্ৰতিষ্ঠানে সকলো নীতি নিয়মক বৃদ্ধঅংগুষ্ঠ প্ৰদৰ্শন কৰি মহানগৰীৰ অনিল নগৰত 16 মহলীয়া অট্টালিকা নিৰ্মাণ কৰি আছে আৰু তাক 22 মহলীয়া কৰাৰ পৰিকল্পনা কৰিছে|অথচ গৃহ নিৰ্মাণৰ বিধিসমূহৰ দোহাই দি চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ ঘৰ, অনুষ্ঠান আদিত নিৰ্বিচাৰে বুলডোজাৰ চলাই গৈছে|

অৱশ্যে একাংশ ফেচবুক ব্যৱহাৰ কাৰীয়ে বিচাৰি পাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সফলতা। ফেচবুক ব্যৱহাৰকাৰী যদু ভৰালীৰ মতে –

1) হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন হিন্দু মুছলমানৰ সাম্প্ৰদায়িক মেৰু বিভাজনত সফল ।

2) ভুৱা এনকাউণ্টাৰৰ ক্ষেত্ৰত এইখন চৰকাৰ সফল।

3) অসমৰ ভূমি চুবুৰীয়া ৰাজ্যক গতাই দিয়াৰ ক্ষেত্ৰত হিমন্তৰ চৰকাৰ অতি সফল আৰু এই ক্ষেত্ৰত অদ্বিতীয়।

4) অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমটো ধ্বংসৰ ক্ষেত্ৰত এইখন চৰকাৰ অতিকৈ সফল।

5) বণিয়াৰ ওচৰত আঠু লৈ খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদৰ ক্ষেত্ৰত এইখন চৰকাৰ সফল।

6) কয়লাৰ অবৈধ চিণ্ডিকেটৰ ক্ষেত্ৰত এইখন চৰকাৰ বহুত বেছি সফল।

7) টকাৰ জোৰত সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ ক্ষেত্ৰতো এইখন চৰকাৰ বাৰুকৈয়ে সফল।

 মূল্য বৃদ্ধিৰ ক্ষেত্ৰত হিমন্ত বিশ্বশৰ্মাৰ চৰকাৰ আটাইতকৈ বেছি সফল। মুল্যবৃদ্ধিৰ কথা ক’বই নালাগে…. মূল্যবৃদ্ধিৰ জুয়ে ভালদৰে দহিছে সৰ্বসাধাৰণ জনতাক… তাৰ পাছতো শাসকীয় দলৰ নেতাৰ মুখত বিখ্যাত ডাইলগ যেনে,,, তেলৰ দাম বৃদ্ধি হৈছে চাইকেল চলাওঁক…. তেলৰ ব্যৱহাৰ কমকৈ কৰক… পাচলি কমাই খাই ভাত বেছিকৈ খাওঁক জাতীয় দাইলগ শুনা পোৱা যায বিজেপি বিধায়ক মন্ত্ৰীৰ মুখত। তথাপি মূল্যবৃদ্ধি ৰোধত চুড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd